আজিৰে পৰা আৰম্ভ হৈছে সদনৰ বাজেট অধিবেশন। ৩১ জানুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ সংসদৰ বাজেট অধিবেশন অনুষ্ঠিত হব। এই বাজেট অধিবেশনৰ বাবে সাজু হৈছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা। বাজেট অধিবেশনত অংশ লোৱাৰ বাবে নতুন দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই। সাংসদগৰাকীৰ মতে দেশৰ লোকসভা আৰু ৰাজ্যসভাই পূৰ্বৰ মৰ্যাদা আৰু গৰিমা সম্পূৰ্ণৰূপে হেৰুৱাইছে। বৰ্তমান গণতন্ত্ৰৰ প্ৰতি নামি অহা ভাবুকিৰ বাবেই দুয়োখন সদনে পূৰ্বৰ মৰ্যাদা আৰু গৰিমা হেৰুৱাইছে। লোকসভা আৰু ৰাজ্যসভাত বিতৰ্কৰ অভাৱ হৈছে, প্ৰশ্নৰ ক্ষেত্ৰতো সীমাবদ্ধতা আহিছে বুলি অভিযোগ কৰে অজিত কুমাৰ ভূঞাই। সম্মুখত দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন। পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বাজেটখন দাখিল কৰিব নালাগিছিল বুলি কয় অজিত কুমাৰ ভূঞাই। সাংসদ ভূঞাৰ মতে, এই বাজেটেৰে ভোটাৰৰ মন জয়ৰ চেষ্টা কৰিব বিজেপিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে সাংসদ অজিত কুমাৰ ভূঞাই। মুখ্যমন্ত্ৰীয়ে এফালে দালালৰাজ বন্ধ কৰিব বিচাৰিছে আনফালে বিধায়ক ক্ৰয়ৰে বিধানসভাত দালালৰাজ সৃষ্টি কৰিছে, বিৰোধী ঐক্য হ’লে আগন্তুক ৰাজ্য সভাৰ নিৰ্বাচনৰ দ্ধিতীয়খন আসনত জয় নিশ্চিত বুলি কয় অজিত কুমাৰ ভূঞাই। ৰাজ্যত শেহতীয়া মন্ত্ৰী বিধায়কৰ মুখ চুপতিক ধিক্কাৰ দিছে সাংসদগৰাকীয়ে।