‘হৰ ঘৰ ত্ৰিৰাগা’ কাৰ্যসূচী প্ৰতিখন জিলাতে সফলভাবে ৰূপায়ন কৰাৰ উদ্দেশ্যে শুক্ৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এক ভিডিঅ’ কনফাৰেন্সিঙৰ জড়িয়তে উপায়ুক্তসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে। জনতা ভৱনৰ মুখ্যমন্ত্রীৰ সভাকক্ষৰ পৰা আয়োজিত এই ভিডিঅ কনফাৰেন্সত মুখ্যমন্ত্ৰী শৰ্মাই ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ স্থান, দুর্গম আৰু সীমান্তবর্তী এলেকা, গ্রামাঞ্চল, চহৰাঞ্চল, চৰ এলেকা, স্বাধীনতা সংগ্ৰামৰ স্মৃতি বিজড়িত ক্ষেত্র আদি সকলো স্থানতে জাতীয় পতাকা উত্তোলনৰ বাবে ৰাইজক অনুপ্ৰেৰণা যোগাবলৈ নির্দেশ দিয়াৰ লগতে এটা উমৈহতীয়া হেচটেগৰ জৰিয়তে পতাকা উত্তোলনৰ ফ’টো আৰু ভিডিঅ’ সামাজিক মাধ্যমত আপল’ড কৰাৰ বাবে প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে ৷
মুখ্যমন্ত্রী ড° শৰ্মাই পেৰেডত অংশগ্রহণ কৰিবলৈ অহা সকলো চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক জোতা-মোজা আৰু সাজ-পোছাক বিনামূলীয়াকৈ যোগান ধৰাৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈ উপায়ুক্তসকলক নির্দেশ দিয়ে। কূটাঘাতমূলক কার্যকলাপ প্রতিহত কৰিবলৈ নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰাৰো মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে।
Reviewed preparations for #HarGharTiranga campaign & Independence Day celebrations with DCs via VC.
Appealed for motivating people to hoist the Tricolour at historic & important locations, chars, remote areas, villages, towns, historic thanas, jails, bridges, etc. pic.twitter.com/6Qt9KMov6r
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) August 12, 2022
২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ‘অৰুণোদয় মাহ’ সম্পর্কতো উপায়ুক্তসকলক অৱগত কৰি নিৰীক্ষণ গোটত অন্তর্ভুক্ত হ’বলগীয়া যুৱক-যুৱতীসকলৰ পাৰিতোষিক আৰু প্ৰমাণপত্ৰৰ বিষয়েও এই বৈঠকত আলোচনা কৰে।