বকোত ২৫ মেগাৱাট সৌৰশক্তি প্রকল্প উদ্বোধন কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। এখন ৰাজহুৱা সভা সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ বিদ্যুৎ চালিত কৰা হ’ব। ৭৫ মেগাৱাৰ্ট সৌৰশক্তি প্রকল্প স্থাপন কৰা হ’ব। সৌৰশক্তিৰ জৰিয়তে ৰাইজে নিজৰ নিজৰ বাহনসমূহো বিদ্যুৎ চালিত কৰিব।
কৃষকৰ ধন উৎপাদন সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কৃষকৰ উৎপাদিত ধান ৰাজ্য চৰকাৰে ক্রয় কৰিব। এতিয়ালৈ প্ৰায় ৪.৫০ মেট্রিক টন ধান ক্রয় কৰিছে ৰাজ্য চৰকাৰে। প্রধানমন্ত্রীৰ আশীৰ্বাদত কৃষকে উৎপাদিত ধানৰ উচিত মূল্য লাভ কৰিছে।
Live : Inauguration of 25MW Boko Solar Power Plant at Bhalukghata, Boko https://t.co/bzG5jyDApN
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 20, 2022