আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কাৰ্ডিঅ’লজী বিভাগত কেথ লেবৰ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে৷ ৫.৩৯ কোটি টকা ব্যয়েৰে স্থাপিত এই পৰীক্ষাগাৰটোৱে হৃদৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহায় আগবঢ়োৱাৰ লগতে গুৰুতৰ হৃদৰোগৰ চিকিৎসাৰ বাবে এতিয়া এছ এম চি এইচত কেথ লেবৰ সৈতে এঞ্জিঅ’প্লাষ্টিৰ দৰে সুবিধাও উপলব্ধ হ’ব।
আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী অশোক সিংহল, সাংসদ ডা: ৰাজদীপ ৰয়, বিধায়ক ক্ৰমে কৌশিক ৰায়, দীপায়ন চক্ৰৱৰ্তী, এছ এম চি এইচৰ অধ্যক্ষ কৰিমুদ্দিন বৰভূঞাৰ লগতে এছ এম চি এইচৰ অধ্যাপক-অধ্যাপিকাসকল উপস্থিত আছিল।
তদুপৰি মুখ্যমন্ত্ৰীয়ে ৫০ খন আসনযুক্ত এটা আৱাসিক চিকিৎসক ছাত্ৰাবাস চিকিৎসা মহাবিদ্যালয় হাস্পতালত উদ্বোধন কৰে। উল্লেখ্য যে, এছ এম চি এইচত আৱাসিক চিকিৎসকসকলৰ আৱাসৰ কোনো সুবিধা নাছিল৷ ৭.০৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ছাত্ৰাবাসে এছ এম চি এইচৰ কৰ্তব্যৰত আৱাসিক চিকিৎসকসকলৰ দীৰ্ঘদিনীয়া প্ৰয়োজন পূৰণ কৰিলে বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।