বানপীড়িত শিলচৰৰ বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংসদ ৰাজদ্বীপ ৰয়, উপায়ুক্ত, এছ পিৰ সৈতে আকাশমাৰ্গেৰে পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছত, ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানপীড়িত লোকসকলৰ সৈতেও তেওঁ বাৰ্তালাপ কৰে।
Made an aerial survey of flood-hit Silchar along with Hon MP @drrajdeeproy, DC & SP Cachar.
Afterwards, I will visit the affected areas & interact with people, besides reviewing the situation with Cachar district administration for expediting our relief efforts. pic.twitter.com/BHdMwQcXcm
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 23, 2022
লগতে বান সাহায্য আৰু উদ্ধাৰ অভিযানৰ বুজ ল’বলৈ কাছাৰৰ ডিচি কাৰ্যালয়ত বিভিন্ন চৰকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত সভাপতিত্ব কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কাছাৰ জিলা প্ৰশাসনক স্থানীয় লোক আৰু জনপ্ৰতিনিধিৰ সহায়ত শিলচৰ চহৰত ৱাৰ্ড অনুসৰি মাইক্ৰ’ পৰ্যায়ৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে।
Chaired a meeting with senior officials of various govt depts at DC office, Cachar to take stock of flood relief & rescue operations. Directed district administration to prepare ward wise micro level plan with the help of local people and public representatives for Silchar town. pic.twitter.com/hdhfuanVee
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 23, 2022
খাদ্য সামগ্ৰী, পানীৰ বটল আৰু অত্যাৱশ্যকীয় সামগ্ৰী থকা পেকেটবোৰ আজি হেলিকপ্টাৰেৰে বানপীড়িত শিলচৰত এয়াৰড্ৰপ কৰা হয়। নিয়মীয়া সকাহৰ উপৰিও আগন্তুক দিনবোৰত আৱদ্ধ লোকসকলৰ বাবে এনে ধৰণৰ এয়াৰ-ড্ৰপিং অব্যাহত ৰখাৰ পৰিকল্পনা কৰাৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।