কেন্দ্ৰৰ ওচৰত বান সাহায্য বিচৰাৰ সাহস নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেন্দ্ৰক ভালৰি বুলাবলৈ সাহায্য নালাগে বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। দুৰ্যোগৰ সময়ত গাখীৰ, কেঁচা চাহপাত, জলপানৰ ওপৰত লগাব বিচাৰিছে GST, আজি এক সংবাদমেলযোগে ৰাজ্য চৰকাৰক এইদৰে কটাক্ষ কৰিলে ৰকিবুল হুছেইনে।
ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত ৰকিবুল হুছেইনে কয়, ‘‘গ্ৰামাঞ্চলৰ বান পৰিস্থিতি ভাল নহয়৷ বানৰ সময়ত আগতে যিদৰে ৰিলিফ পাইছিল, বৰ্তমান তেনেদৰে ৰিলিফ পোৱা নাই বুলি জনাইছে৷ বানপানীৰ সময়ত মুখ্যমন্ত্ৰীয়ে এটা পেকেজ কেন্দ্ৰীয় চকৰকাৰক বিচাৰিব বুলি আশা কৰিছিলো৷ কিন্তু আচৰিত ভাৱে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে বানত সাহায্য দিব পৰা টকা চৰকাৰৰ হাতত আছে৷’’ চৰকাৰে ১ হাজাৰ কোটি টকা ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব ওলাইছে৷ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰৰ ওচৰত বান সাহায্য বিচৰাৰ সাহস নাই৷ কেন্দ্ৰক ভালৰি বুলাবলৈ কেন্দ্ৰক সাহায্য নালাগে বুলি কৈছে৷ চৰকাৰৰ মূৰত এক লাখ দহ হাজাৰ কোটি টকাৰ ঋণৰ বোজা আছে৷ সংবাদমেলত এইদৰে কয় ৰকিবুল হুছেইনে।