জনতা ভৱনত কৰ্মচাৰীসকলৰ সৈতে মুখ্যমন্ত্রীৰ মত-বিনিময় অনুষ্ঠান। ‘সদ্ভাৱনা প্রকল্প’ৰ শুভাৰম্ভৰ অংশস্বৰূপে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত অন্তৰংগ আলাপ অনুষ্ঠান আয়োজিত কৰা হয়। অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱাই ‘বহু কাম সময়মতে নিষ্পত্তি নহয় জনতা ভৱনত। ফাইলসমূহ পেণ্ডিং হৈ থাকে,হাতত কাগজ লৈ ঘূৰি ফুৰিব লগা হয় জনতা। পেঞ্চনাৰসকলে পেঞ্চন সময়মতে নাপায়। জনতা ভৱনৰ টেবুলতে পৰি ৰয় বহু কামৰ ফাইল’বুলি স্বীকাৰ কৰে।
জনতা ভৱনৰ কাম ক্ষিপ্রতাৰে কৰাৰ লক্ষ্য ‘মিছন সদ্ভাৱনা’ আৰম্ভ কৰা হ’ব ১ ফেব্রুৱাৰীৰ পৰা। এই প্ৰকল্পৰ জৰিয়তে ১০ মে’তাৰিখৰ ভিতৰত জনতা ভৱনৰ পুৰণি ফাইলৰ কাম শেষ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ‘এনেই পৰি ৰোৱা ফাইলসমূহ জনতা ভৱনৰ পৰা আঁতৰোৱা হ’ব। অলাগতিয়ালভাৱে পৰি ৰোৱা আচবাবসমূহ আঁতৰোৱা হ’ব জনতা ভৱনৰ পৰা। ইতিমধ্যে সদ্ভাৱনা পৰ্টেল মুকলি কৰা হৈছে। আবেদনকাৰীয়ে এই পৰ্টেলযোগে আবেদন কৰিব পাৰিব। ‘জনতাই পৰ্টেল যোগে আবেদন কৰা বিষয়সমূহ নিষ্পত্তি কৰা হ’ব এই মিছনৰ অংশস্বৰূপে। ই- অফিচো মুকলি কৰা হৈছে। ডিজিটেলি চৰকাৰী বিভাগৰ কাম সমাপনৰ লক্ষ্য লোৱা হৈছে। এই পদ্ধতিৰ দ্বাৰা কামৰ সময় আৰু শ্রম ৰাহি হ’ব। ইয়াৰ ফলত কাগজ ৰাহি হোৱাৰ লগতে বিভাগসমূহৰ তথ্য (ডাটা) হেৰুওৱা সম্ভাৱনা কমিব বুলি আশা কৰা হৈছে।