• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি দিল্লীলৈ দুই মুখ্যমন্ত্ৰী

নিউজ ডেস্ক by নিউজ ডেস্ক
January 20, 2022
in ৰাজনীতি, অসম, উত্তৰ পূৰ্বাঞ্চল, সংবাদ
1 min read
0
আজি দিল্লীলৈ দুই মুখ্যমন্ত্ৰী
Share on FacebookShare on Twitter

আজি দিল্লীলৈ উৰা মাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দীৰ্ঘদিনীয়া অসম-মেঘালয় সীমা বিবাদ মীমাংসা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাত কৰি সহমতৰ প্ৰস্তাৱ আগবঢ়াব মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সীমা সমস্যা নিষ্পত্তিৰ ক্ষেত্রত তেওঁলোকৰ আগ্রহৰ বিষয়ে অৱগত কৰিব৷ উল্লেখ্য যে চুবুৰীয়া ৰাজ্য মেঘালয়ৰে চলি অহা সীমা বিবাদ নিষ্পত্তি সম্পর্কত কালি কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়৷ অসম বিধানসভাৰ প্রতিটো ৰাজনৈতিক দলৰ প্রতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকতে ৰাজ্য চৰকাৰৰ পদক্ষেপক প্রতিটো দলে আদৰণি জনায়৷ সীমা বিবাদক কেন্দ্র কৰি দুয়োখন ৰাজ্যই তিনিজনকৈ কেবিনেট মন্ত্রীৰ নেতৃত্বত গঠন কৰি দিছিল তিনিখন কমিটী৷ এই তিনিওখন কমিটীয়ে বিবদমান স্থানসমূহ পৰিদর্শন কৰি একোখনকৈ প্রতিবেদন দাখিল কৰিছিল৷ অসম চৰকাৰৰ হৈ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা আৰু পীয়ূষ হাজৰিকাই দাখিল কৰা এই প্রতিবেদন মেঘালয় চৰকাৰক ইতিমধ্যে প্রদান কৰা হৈছে৷ একেদৰে মেঘালয় চৰকাৰেও গঠন কৰা তিনিখন কমিটীৰ প্রতিবেদন অসম চৰকাৰক দাখিল কৰা হৈছিল৷ এই প্রতিবেদনৰ ভিত্তিতেই ১২টা স্থানৰ ভিতৰত ৬টা বিবদমান স্থানৰ সীমা নির্ধাৰণ কৰাৰ লক্ষ্যৰে দুয়োখন ৰাজ্যই ঐকমত্যত উপনীত হৈছে৷ অসমে মেঘালয়ৰ পৰা ১৮.৫১ বর্গকিলোমিটাৰ ভূমি লাভ কৰাৰ বিপৰীতে মেঘালয়ক অসমে এৰি দিব ১৮.২৯ বর্গকিলোমিটাৰ ভূমি৷ আজিৰ ৰাজ্যিক কেবিনেটত এই বিষয়টো অনুমোদন হোৱাৰ লগে লগে ৬ স্থানৰ সীমা বিবাদ নিষ্পত্তিৰ দিশে অগ্রসৰ হোৱাটো স্পষ্ট হৈ পৰিছে৷ ইফালে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই টুইটাৰত উল্লেখ কৰা অনুসৰি মেঘালয় চৰকাৰৰ কেবিনেটে অসমৰে ৬ স্থানক লৈ থকা সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্রত তিনি আঞ্চলিক কমিটীয়ে দিয়া পৰামর্শাৱলীত অনুমোদন জনায়৷ আজি দুয়ো ৰাজ্যৰ মুখ্যমন্ত্রীয়ে এই বিষয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক অৱগত কৰিব৷

Previous Post

গুৱাহাটীত ভয়াবহ ৰূপ ক’ভিডৰ

Next Post

সমাগত গণৰাজ্য দিৱস! ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সমাগত গণৰাজ্য দিৱস! ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড

সমাগত গণৰাজ্য দিৱস! ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড

নৱবৰ্ষৰ তৃতীয়টো সপ্তাহতেই কাজিৰঙাত গড় হত্যা

নৱবৰ্ষৰ তৃতীয়টো সপ্তাহতেই কাজিৰঙাত গড় হত্যা

আজি ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন

আজি ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8