ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা শোচনীয়, চৰকাৰে এইকথা স্বীকাৰ নকৰিলেও শেহতীয়া বিভিন্ন পদক্ষেপে প্ৰমাণ কৰিছে যে ভয়াৱহ বিত্তীয় সংকটে গ্ৰাস কৰিবলৈ গৈ আছে ৰাজ্যক। তদুপৰি ঋণৰ বোজায়ো ব্যতিব্যস্ত কৰি ৰাখিছে ৰাজ্যৰ বিত্তীয় ব্যৱস্থাক। এনে অৱস্থাত চৰকাৰে সাধাৰণ জনতাৰ ওপৰত কৰৰ বোজা জাপি দি বিত্তীয় ব্যৱস্থাৰ সৈতে জোৰা মৰাৰ চেষ্টা আৰম্ভ কৰিছে। মাটিৰ পৰা ফ্লেটলৈ, সুৰাৰ পৰা পেট্ৰ’ল-ডিজেল তথা ৰন্ধন গেছলৈ বৃদ্ধি পাইছে কৰৰ হাৰ। কিন্তু তাৰ পাছতো চৰকাৰৰ বিলাস বহুলতাৰ যেন অন্ত নাই। গুৱাহাটীৰ বাহিৰত মাহে একোখনকৈ কেবিনেট বৈঠক আয়োজন, অতি হ্ৰস্ব দূৰত্বৰ বাবেও ব্যয়বহুল হেলিকপ্টাৰৰ ব্যৱহাৰ আদিৰ দৰে বিলাসিতাৰে বৰ্তমানৰ চৰকাৰে ৰাজ্য চলাইছে যাৰ কুফল ভুগিছে সাধাৰণ জনতাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে নানা চমক সৃষ্টিকাৰী ঘোষণাৰে ব্যয় সংকোচনৰ কথা কৈ আহিছে শেহতীয়া পদক্ষেপে নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে।
প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেওঁ বিধায়ক কলনীৰ কেইবাটাও আবাসক একেলগ কৰি নিজৰ বাবে বিশাল পৃষক আবাস নিৰ্মাণ কৰি লৈছিল। তৰুণ গগৈয়ে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাক নিজৰ বাসভৱন হিচাপে ব্যৱহাৰ কৰিও সমালোচনাৰ পাত্ৰ হৈছিল। একেদৰে সৰ্বানন্দ সোণোৱালেও ব্যয়বহুল ব্ৰহ্মপুত্ৰ অতিথিশালাতে তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কালছোৱা কটাইছিল। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ তেওঁ এতিয়া মিনিষ্টাৰ কলনীৰ আবাসতে আছে যদিও এইবাৰ সকলোকে চেৰাই তেওঁ নিৰ্মাণ কৰিবলৈ লৈছে পৃথক মুখ্যমন্ত্ৰীৰ আবাস।
তেওঁ এতিয়া থকা বিশাল আবাসগৃহটোৰ ঠাইত কেইবাটাও আবাস লগ লগাই তেওঁ নিৰ্মাণ কৰিবলৈ লৈছে স্থায়ী মু্খ্যমন্ত্ৰীৰ আবাসগৃহ। বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ইতিমধ্যে ইয়াৰ নক্সাও সাজু হৈ উঠিছে। তেওঁৰ আবাসৰ আশে-পাশে থকা একাধিক আবাস লগ লগাই এই বিশাল ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। য’ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৰ লগতে পৃথক কনফাৰেন্স আদিৰো ব্যৱস্থা কৰা হ’ব। ৰাজ্যৰ এনে শোচনীয় অৱস্থাৰ সময়ত মুখ্যমন্ত্ৰীৰ এনে বিলাসবহুলতাৰ প্ৰয়োজন কি তাক লৈ প্ৰশ্ন উঠিছে।