শেহতীয়াকৈ অসমৰ বহু যুৱক-যুৱতী আলফাত যোগদান কৰা ঘটনাই দেশৰ সচেতন মহলক চিন্তিত কৰি তুলিছে। অলপতে, আলফা(স্বা)লৈ ছ’চিয়েল মেডিয়াৰ যোগেদি সমৰ্থন আগবঢ়োৱাৰ অপৰাধত যোৰহাটৰ এগৰাকী কলেজীয়া ছাত্ৰীক অসম আৰক্ষীয়ে আটক কৰে।
যোৰহাট টীয়কৰ ছাত্ৰীগৰাকী অধ্যয়নৰ বাবে যোৰহাটৰ কুশল নগৰৰ এটা ছাত্ৰী নিবাসত আছিল। জানিব পৰা মতে, ছাত্ৰী গৰাকীয়ে ছ’চিয়েল মেডিয়া ফেচবুকৰ জৰিয়তে আলফা(স্বা)ক সমৰ্থন কৰি পোষ্ট দি আহিছিল।
অসম আৰক্ষী ছ’চিয়েল মেডিয়া তদাৰক কোষে ছাত্ৰীগৰাকীৰ একাউণ্ট নিৰীক্ষণ কৰি আছিল আৰু তেওঁক আৰক্ষীয়ে ছাত্ৰী নিবাসত নাপায় ফোনট্ৰেকৰ দ্বাৰা গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ বান্ধৱীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে, এই সন্দৰ্ভত অসম আৰক্ষীয়ে উৰিয়ামঘাট থানাত ২০/২২ নম্বৰত এক গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে।