• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাঁহিকুছিত গ্রামোন্নয়ন বিভাগৰ নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 29, 2022
in ৰাজনীতি, অসম, সংবাদ
1 min read
0
কাঁহিকুছিত গ্রামোন্নয়ন বিভাগৰ নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তাৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ
Share on FacebookShare on Twitter

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ কাঁহিকুছি চৌহদত ২৮ অক্টোৱৰৰ পৰা নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তা সকলৰ পাঁচদিনীয়া প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। ২৭১ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ কাৰ্যসূচী ১ নৱেম্বৰত সামৰণি পৰিব । পাচঁদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত আদৰণি ভাষণ দিয়ে বিভাগীয় সচিৱ তথা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক মুনীন্দ্র শর্মাই । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুনীন্দ্ৰ শৰ্মাই কয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ হ’ল মাটিৰ লগত সম্পর্ক থকা আৰু মাটি পানীৰ গোন্ধ থকা এটি বিভাগ। গতিকে বিভাগটিৰ বিষয়া কৰ্মাচাৰী সকলেও গাঁৱৰ দুখীয়া জনসাধাৰণক নিজৰ কামৰ দ্বাৰা উপকৃত কৰি মানসিক সন্তুষ্টি লাভ কৰাৰ সুবিধা লাভ কৰিব গাঁৱৰ ৰাইজক বিভিন্ন আঁচনিৰ সফল ৰূপায়ণৰ দ্বাৰা উপকৃত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। বিশেষকৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব আৰোপ কৰা দিশ সমূহৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যে গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষকৈ চাহ বাগানৰ শ্ৰমিক সকলৰ কৰ্মহীন সময়ত জবকাৰ্ডৰ দ্বাৰা মজুৰী পোৱাৰ ব্যৱস্থা কৰা, চোম, আগৰ, চন্দন আদিৰ গছপুলি ৰোপনৰ লগতে গ্ৰাম্যাঞ্চলত পুখুৰী খনন কাৰ্যৰ দ্বাৰা গ্ৰাম্যাঞ্চলৰ উন্নয়ন অধিক ত্বৰান্বিত কৰা হৈছে৷

সেইদৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত সমগ্ৰ ৰাজ্যখনতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ধ্বজাবাহী আচঁনি প্রধানমন্ত্ৰী আৱাস যোজনাৰ (গ্রামীণ) অধীনত গৃহনিৰ্মাণৰ কাম খৰতকীয়া কৰি তোলা হৈছে। অমৃত সৰোবৰ আচনিৰ অধীনত সমগ্ৰ ৰাজ্যতে ৩০০০ তকৈ অধিক পুখুৰী নিৰ্মাণৰ দ্বাৰা জল সংৰক্ষণ আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ নতুন পথ মুকলি হৈছে বুলি সঞ্চালক গৰাকীয়ে ভাষণত উল্লেখ কৰে৷ নৱ-নিযুক্ত কনিষ্ঠ অভিযন্তা সকলক চাকৰি আৰু ব্যক্তিগত জীৱনত বিনয়ী ব্যৱহাৰ, সামাজিক দ্বায়বদ্ধতা অটুত ৰাখি ৰাইজৰ সেৱাৰ লগতে সকলো কৰ্মচাৰীয়ে তেওঁলোকৰ কৰ্মজীৱনত Code of Conduct মানি চলি কর্ম সম্পাদন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটিৰ আৰম্ভণিতে যুটীয়া সঞ্চালক (প্রশিক্ষণ) পবিত্র কলিতাই উদ্দেশ্য ব্যাখ্যা কৰি কয় যে গাঁৱৰ দুখীয়া জনসাধৰণৰ সেৱাত ব্ৰতী হোৱাৰ বাবে বিভাগে ৰূপায়ণ কৰি থকা কৰ্ম আচনি আৰু নীতি নিৰ্দেশনা সমূহৰ বিষয়ে কনিষ্ঠ অভিযন্তা সকলক বিশদভাৱে এই প্রশিক্ষণটিত অৱগত কৰা হ’ব। অনুষ্ঠানত যুটীয়া সঞ্চালক সুৰজিৎ বৰগোহাঁইয়ে চমু ভাষণত কয় যে আর্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত কাৰিকৰী দক্ষতা তথা প্ৰযুক্তি সংযোগ কৰি বিভাগৰ উন্নয়নমুখী কামবোৰক অধিক ত্বৰান্বিত কৰাই এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য।

Previous Post

আজি মুখ্যমন্ত্ৰীয়ে শংকৰদেৱ কলাক্ষেত্ৰত ৬৫৫ গৰাকী প্ৰাৰ্থীক বিতৰণ কৰিব নিযুক্তি পত্ৰ

Next Post

অখিল গগৈ হৃদজনিত ৰোগত আক্ৰান্ত! উন্নত চিকিৎসাৰ বাবে যাব লাগিব ৰাজ্যৰ বাহিৰলৈ

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
অখিল গগৈ হৃদজনিত ৰোগত আক্ৰান্ত! উন্নত চিকিৎসাৰ বাবে যাব লাগিব ৰাজ্যৰ বাহিৰলৈ

অখিল গগৈ হৃদজনিত ৰোগত আক্ৰান্ত! উন্নত চিকিৎসাৰ বাবে যাব লাগিব ৰাজ্যৰ বাহিৰলৈ

উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কে কে শৰ্মাৰ বাসগৃহত উদ্ধাৰ লাখ লাখ টকা

উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কে কে শৰ্মাৰ বাসগৃহত উদ্ধাৰ লাখ লাখ টকা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8