১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকিব নৈশ কাৰ্ফিউ, খুলিব সকলো শিক্ষানুষ্ঠান। এতিয়াৰ পৰা চিনেমা হলতো ১০০শতাংশ দৰ্শক উপস্থিত থাকিব পাৰিব। সম্পূৰ্ণ সকাহ ৰাইজলৈ, নাথাকিব কোনো ক’ভিড বাধ্যবাধকতা।
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ দুপালি ভেকচিন লোৱাটো বাধ্যতামূলক। ১৫ মাৰ্চৰ পূৰ্বে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীয়ে ভেকচিন ল’ব লাগিব। জিম, চুইমিং পুল সকলো খোলা হব। ১৫ ফেব্ৰুৱাৰীৰ পৰা এই নতুন SOP কাৰ্যকৰী হ’ব।