ঘোষণা হ’ল ৫খন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল। উত্তৰ প্ৰদেশত মাত্ৰ দুখন আসন লাভ কৰিলে ৰাষ্ট্ৰীয় দল কংগ্ৰেছে। পঞ্জাৱত আম আদমি পাৰ্টিৰ হাতত মুখঠেকেচা খোৱাৰ লগতে উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাত বিজেপিৰ হাতত কংগ্ৰেছৰ শোচনীয় পৰাজয়ে সকলোকে ভাবিবলৈ বাধ্য কৰাইছে যে, ২০২৪ৰ লোকসভা নিৰ্বাচনত বিৰোধীৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ দলটো হয়তো সক্ষম নহ’ব। কাৰণ, ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলে আম আদমি পাৰ্টিক বিৰোধীৰ মাজত শক্তিশালী কৰি তুলিলে৷ দিল্লীৰ পাছত পঞ্জাৱত কংগ্ৰেছৰ ভোটবেংক দখল কৰিহে আপে ক্ষমতা দখল কৰিছে৷ অৰ্থাৎ আপৰ উত্থান মানে কংগ্ৰেছৰহে লোকচান৷ বিজেপিৰ নহয়। তাৰ লগত কংগ্ৰেছৰ বাবে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ বৰ্ধিত প্ৰত্যাহ্বান আছেই৷
উল্লেখনীয় কথাটো হ’ল, উত্তৰ প্ৰদেশক বাদ দি আন চাৰিওখন ৰাজ্যতে কংগ্ৰেছৰ ক্ষমতা দখলৰ মৌলিক সুযোগ আছিল। অধিষ্ঠানবিৰোধী ঢৌ থকা উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত দলটোৱে বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ থল থকাৰ পাছতো কংগ্ৰেছে সন্মানজনক আসন লাভ কৰিবলৈও সক্ষম নহ’ল। উত্তৰাখণ্ডত ১৯, গোৱাত ১১ আৰু মণিপুৰত মাত্ৰ ৫খন আসনহে কংগ্ৰেছ লাভ কৰে।
উত্তৰ প্ৰদেশত বিজেপি আৰু সমাজবাদী পাৰ্টিৰে প্ৰত্যক্ষ যুঁজৰ মাজতো প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত তীব্ৰ প্ৰচাৰ চলোৱা উত্তৰ প্ৰদেশত দলে এইবাৰ অন্ততঃ সন্মানজনক স্থিতি পাব বুলি আশা কৰা হৈছিল৷ প্ৰিয়ংকাই ৪০ শতাংশ টিকট মহিলাক দিছিল৷ প্ৰায় ২০০ ৰেলী আৰু ৰোডশ্ব’ কৰাৰ পাছতো দলে মাত্ৰ দুখন আসন আৰু ২.৩৩ শতাংশ ভোট পাবলৈহে সক্ষম হ’ল৷ ২০১৭ত ৭ খন আসন লাভ কৰাৰ লগতে ভোটৰ অংশ আছিল ৬.২৫ শতাংশ। এই ক্ৰমহ্ৰাসমান প্ৰভাৱে দলটোক উত্তৰ প্ৰদেশত অপ্ৰাসঙ্গিক কৰি তুলিছে সেয়া নিশ্চিত৷ সমাজবাদী পাৰ্টিয়ে ক্ষমতা দখল নকৰিলেও প্ৰদৰ্শন উন্নত কৰি নিজক বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বী বুলি প্ৰমাণ কৰিলে৷
সকলোতকৈ আশ্চৰ্যজনক ফলাফল ওলাল পঞ্জাৱত৷ চৰণজিৎ চান্নিৰ দৰে প্ৰভাৱশালী দলিত নেতাৰ নেতৃত্বত ক্ষমতা পুনৰ দখলৰ সপোন দেখা কংগ্ৰেছ আপৰ হাতত ধূলিসাৎ হ’ল। মাত্ৰ ১৮খন আসন লাভ কৰিলে কংগ্ৰেছে। মুখ্যমন্ত্ৰী চান্নি আৰু আন এজন জ্যেষ্ঠ নেতা নৱজ্যোৎ সিং সিদ্ধুও পৰাস্ত হোৱাত পঞ্জাৱতো দলটোৰ অস্তিত্ব বিপন্ন হৈ পৰিল। পঞ্জাৱৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যত কংগ্ৰেছক ক্ষমতাচ্যুত কৰি ইতিমধ্যে আপে ৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি তুলিছে৷ এই ফলাফলৰ ওপৰত ভিত্তি কৰি দলটোৱে মুখ্য বিৰোধী দলৰ স্থান কংগ্ৰেছৰ পৰা কাঢ়ি অনাৰ ভাবুকি কঢ়িয়াইছে।
ইতিমধ্যে এই দুৰ্দশাৰ বাবে শশী থাৰুৰৰ দৰে জ্যেষ্ঠ নেতাই দলৰ নেতৃত্ব পুনৰ্গঠনৰ পৰামৰ্শ দিছে। দলৰ ভিতৰৰ পৰা নেতৃত্ব পৰিৱৰ্তনৰ দাবী কেতিয়াবাৰ পৰাই উঠি আহিছে। শীঘ্ৰে হ’ব লগা সাংগঠনিক নিৰ্বাচনত এই ফলাফলে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব আৰু ৰাহুল গান্ধীক পুনৰ সভাপতিৰ পদ দিয়াৰ বিৰুদ্ধে থকা মত সবল হ’ব।
পৰৱৰ্তী বিধানসভা নিৰ্বাচন আছে গুজৰাট আৰু হিমাচল প্ৰদেশত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুজৰাটৰ পৰা বিজেপিক বিগত দুটা দশকে আঁতৰাব পৰা নাই কংগ্ৰেছে৷ ২০১৭ত দলে শক্তিশালী প্ৰত্যাহ্বান আগবঢ়াইছিল যদিও মূৰকত ব্যৰ্থ হৈছিল। এইবাৰ পঞ্জাৱৰ পাছত গুজৰাটক লক্ষ্য কৰি লৈছে আপেও। ইতিমধ্যে পৌৰসভা নিৰ্বাচনত আপে তাত চমক দিছে৷ গতিকে গুজৰাটতো কংগ্ৰেছে কেৱল বিজেপি নহয়, এক উদিত নৱ ৰাজনৈতিক শক্তিৰ মুখামুখি হ’ব লাগিব। ২০২২ৰ ফলাফলতে ২০২৪ৰ লোকসভা নিৰ্বাচনলৈ কংগ্ৰেছ প্ৰাসংগিক হৈ থাকিব নে নাথাকে সেয়া নিশ্চিত হ’ব।