মণিপুৰত বৰ্তমানেও উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি আছে। ৰাজ্যখনত পুনৰ শান্তি স্থাপনৰ বাবে কংগ্ৰেছে ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছে। দলটোৰ মণিপুৰৰ ভাৰপ্ৰাপ্ত বিষয়া ভক্ত চৰণ দাসেও দাবী কৰে যে মণিপুৰৰ পৰিস্থিতি এতিয়াও ভয়ংকৰ হৈ আছে।
তেওঁ কয় যে, “মণিপুৰত ১০০ ৰো অধিক লোকৰ মৃত্যু হৈছে। ৪০,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু ২০,০০০ লোকক আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে। ৰাজ্যখনৰ হাজাৰ হাজাৰ ঘৰ ধ্বংস কৰা হৈছে লগতে ১৫-২০ খন আৰক্ষী থানাৰ অস্ত্ৰ-শস্ত্ৰ লুটি নিছে। ৰাজ্যখনৰ পৰিস্থিতি অতি গুৰুতৰ। তেওঁ সন্দেহ প্ৰকাশ কৰি কয় যে সমগ্ৰ ঘটনাৰ পূৰ্ব পৰিকল্পনা কৰা হৈছিল। যাৰ বাবে ৰাষ্ট্ৰপতিৰ শাসনৰ দাবী কৰিছে।
উল্লেখ্য যে, মণিপুৰত মেইটে সকলক এছ টিত অন্তৰ্ভুক্ত কৰা দাবীৰ বিৰোধিতা কৰিয়েই প্ৰতিবাদ আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত প্ৰতিবাদে ভয়ংকৰ ৰূপ লয়।