নিৰ্বাচনৰ সময়ত বিশেষকৈ সংখ্যালঘু মানুহক কংগ্ৰেছে ভয় খুৱায়। তেওঁলোকে ভয় খুৱায় যে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি দিব- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। ৯ নং নগাঁও লোকসভা সমষ্টিৰ বিজয় সংকল্প সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ কংগ্ৰেছে নতুনকৈ কোৱা আৰম্ভ কৰিছে যে বিজেপি শাসনলৈ আহিলে সংবিধান বদলাই দিব। মন্ত্ৰীগৰাকীয়ে ৰাইজৰ কাম কৰিম প্ৰতিশ্ৰুতি দিয়ে। সকলোৰে কাৰণে কাম কৰা, সকলো শান্তিত থকা, সকলোকে লৈ আগুৱাই যোৱাই নৰেন্দ্ৰ মোডীৰ নীতি বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে উন্নয়ন কংগ্ৰেছে কৰা নাই, উন্নয়ন আমি কৰিছো। আমি বিনামূলীয়া চাউল দিছো, অৰুণোদয় দিছো, কংগ্ৰেছে এইবিলাক একো দিয়া নাছিল। ৰাস্তা-ঘাটৰ উন্নয়ন কংগ্ৰেছে কৰা নাছিল। লাহৰীঘাটৰ ৰাইজ বানপানীত ডুব গৈ আছিল। স্বাধীনতাৰ পৰা আজিলৈকে লাহৰীঘাটত অকল কংগ্ৰেছে থাকিল, কিন্তু এই অঞ্চলৰ উন্নয়ন একো নকৰিলে।
মন্ত্ৰীগৰাকীয়ে ভাষণত ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰে সেই বিষয়ে উল্লেখ কৰে। নগাঁওবাসী ৰাইজৰ সুবিধাৰ কাৰণে নগাঁও মেডিকেল কলেজ ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ৮ বছৰত অসমত ১৮ খন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৬০ বছৰত অসমত মাত্ৰ ৬ মডিকেল কলেজ নিৰ্মাণ কৰা বুলি ভাষণত উল্লেখ কৰে।
তদুপৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ কেতিয়াও নাহে। মৰি গলেও কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ নাহে বুলি তেওঁ কয়। কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিব, সেয়ে তেওঁ ভোটকেইটা কংগ্ৰেছক দি নষ্ট নকৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। আনহাতে, ২০২৬ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ১০০ টা সমষ্টিত জয়ী হৈ পুনৰ মুখ্যমন্ত্ৰী হ’ব বুলি ভাষণত কয়। গতিকে সমষ্টিকেইটাক যদি পিছুৱাই নিয়াৰ মন নাই তেন্তে বিৰোধীক ভোট দিয়াৰ বিপৰীতে তেওঁ বিজেপিক ভোট দিবলৈ আহ্বান জনায়।