কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা সৰ্বানন্দ সোণোৱালে বুধবাৰে ছমৰীয়া আৰু হাজোত গুৱাহাটী লোকসভা তথা বৰপেটা লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী ক্ৰমে বিজুলী কলিতা মেধি আৰু ফণীভূষণ চৌধুৰীৰ সমৰ্থনত মাৰাথন প্ৰচাৰ চলায়। প্ৰখৰ ৰ’দকো নেওচি সহস্ৰাধিক লোকে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএ-ৰ সমৰ্থনত হিলদল ভাঙি ওলাই আহে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাক আগুৱাই নিয়াৰ বাবে এনডিএ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰোৱাৰ সংকল্প লয়।
ৰাইজক উদ্দেশ্যে সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ২০১৪ চনৰ পৰা বিশ্ব পৰ্যায়ত আমাৰ দেশৰ মৰ্যাদা আৰু গুৰুত্ব বহুগুণে বৃদ্ধি পাইছে। তেখেতৰ অক্লান্ত পৰিশ্ৰম, অনুপ্ৰেৰণাদায়ক নেতৃত্ব আৰু ৰাষ্ট্ৰসেৱাৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিৰ বাবেই ভাৰত ‘বিশ্বৰ আটাইতকৈ প্ৰশংসিত দেশ’ হিচাপে উজলি উঠিছে। বৰ্তমান মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে বিশ্বৰ সকলো গুৰুত্বপূৰ্ণ বিষয়ত অধিক সক্ৰিয়ভাৱে জড়িত হৈ পৰিছে, যিয়ে ভাৰতক বিশ্বগুৰুলৈ ৰূপান্তৰিত কৰাৰ পথ প্ৰশস্ত কৰিছে। এতিয়া শক্তিশালী বৈদেশিক নীতিৰ জৰিয়তে ভাৰতৰ উন্নয়নমূলক আকাংক্ষা অধিক ত্বৰান্বিত হৈছে। কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰসমূহ – অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, পৰিয়ালতন্ত্ৰৰ ভাণ্ডাৰ। ভাৰতৰ অপৰিসীম শক্তিক দেশৰ হিতৰ বাবে ব্যৱহাৰ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছিল তেওঁলোক। এতিয়া ভাৰতে বিশ্বৰ শীৰ্ষ দেশসমূহৰ তালিকাত সংযোজিত হোৱাৰ লগে লগে জনসাধাৰণৰ প্ৰবল আত্মবিশ্বাস জাগ্ৰত হৈছে। এতিয়া দেশৰ ভৱিষ্যৎ শক্তিশালী নেতাৰ হাতত আছে। আমি একেলগে নিজৰ নিজৰ সক্ৰিয় ভূমিকা পালনেৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰি দেশৰ বিকাশৰ উজ্জীৱিত যাত্ৰাক আন এক নতুন শিখৰলৈ লৈ যাব লাগিব।”
সৰ্বানন্দ সোণোৱালে লগতে কয়, “স্বাধীনতাৰ দশক দশক সম্পূৰ্ণ হোৱাৰ পাছতো আমাৰ দেশ তথা ৰাজ্যখন আশানুৰূপধৰণে আগুৱাই যোৱা নাছিল। কংগ্ৰেছৰ কুশাসনৰ ফলত আমি দেশৰ অন্যতম পিছপৰা অঞ্চল হিচাপে ৰৈ যাব লগা হৈছিল। তেওঁলোকৰ বৈষম্যমূলক আঁচনিৰ প্ৰভাৱ আমি ভুগিবলগীয়া হ’ল। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ শাসনভাৰ লোৱাৰ পাছৰে পৰাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত চকুতলগা পৰিৱৰ্তন সম্ভৱ হ’ল। ইয়াৰ যিবোৰ বাট-পথ উন্নত কৰাৰ বাবে আবেদন কৰি এসময়ত আমি ভাগৰি গৈছিলোঁ, মোদী চৰকাৰৰ দিনতেই সেই সকলো বাট-পথ সুগম কৰা হ’ল। উত্তৰ-পূৰ্বাঞ্চলক মোদী ডাঙৰীয়াই হৃদয়ত স্থান দিছে। তেখেতেই একমাত্ৰ প্ৰধানমন্ত্ৰী, যিয়ে ৬৬ বাৰতকৈ অধিক উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিছে। ৯০ বাৰতকৈও অধিক কেন্দ্ৰীয় মন্ত্ৰীসকলক এই অঞ্চলটো ভ্ৰমণ কৰি ইয়াৰ উন্নয়ন ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছে তেখেতে। আগতে প্ৰতিটো অনুষ্ঠান, প্ৰতিষ্ঠানৰ বাবে আমি আন্দোলন কৰিবলগীয়া হৈছিল। দলং, শোধনাগাৰ, প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ইত্যাদি নানা উদাহৰণ আমাৰ সমুখত পৰি আছে। কিন্তু এতিয়া কোনো আন্দোলন নকৰাকৈয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি সকলোখিনি আদায় কৰিব পাৰিছোঁ। কংগ্ৰেছৰ দিনৰ ৬ খনৰ পৰিৱৰ্তে মোদী চৰকাৰৰ দিনত অসমত ২৪ খন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰা হ’ল। আজি এইম্ছ আৰু ১৮ খনকৈ কেঞ্চাৰ চিকিৎসালয় অসমৰ মাটিত প্ৰতিষ্ঠা কৰা হ’ল। স্বাধীনতাৰ পাছত অসমত দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম আমাৰ চৰকাৰৰ দিনতেই আৰম্ভ কৰা হ’ল। বগীবিলকে ধৰি ধলা-শদিয়া দলং, শৰাইঘাটৰ দ্বিতীয় দলং, কলীয়া ভোমোৰাৰ নতুন দলং অতি কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰা হ’ল। বৰ্তমান আৰু কেইখনমান দলঙৰ নিৰ্মাণকাৰ্য পূৰ্ণগতিত চলি আছে। মোদী ডাঙৰীয়াই উত্তৰ-পূৰ্বাঞ্চলৰ মানৱ সম্পদৰ বিকাশৰ বাবে যোৱা বছৰসমূহত যিখিনি কৰিলে সেয়া কংগ্ৰেছে ৬০ বছৰতো কৰিব নোৱাৰিলে। আমাৰ লক্ষ্য এতিয়া – ২০৩০ চনৰ ভিতৰত ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে প্ৰতিষ্ঠা কৰা, ইয়াৰ বাবে আমি সকলোৱে মিলি মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব লাগিব।”