এটা চুমাই কাল হ’ল এজন কংগ্ৰেছ নেতাৰ। বদৰুদ্দিন আজমলৰ এটা চুমাৰ বাবেই দলৰ পৰা বহিষ্কাৰ হ’বলগীয়া হ’ল কংগ্ৰেছৰ এজন নেতা। কামৰূপ গ্ৰাম্যৰ সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলীক বহিষ্কাৰ। ৬ বছৰৰ বাবে বহিষ্কাৰৰ জাননী প্ৰেৰণ কৰা হৈছে ছাহজাহান আলীলৈ৷
উল্লেখ্যা যে, ৭ ডিচেম্বৰত বদৰুদ্দিন আজমলে কাছুমাৰাত আয়োজিত জন সমাৱেশত অংশগ্ৰহণ কৰিবলৈ গৈ থকাৰ সময়ত সোণতলীস্থিত ছাহজাহান আলীৰ ঘৰত উপস্থিত হৈ চাহ-জলপান খাই ছাহজাহান আলীৰ সৈতে এক বিশেষ বৈঠকত বহিছিল৷
বৈঠকৰ অন্তক ছাহজাহানক ৰাজহুৱা ভাৱে চুমা খাইছিল বদৰুদ্দিন আজমলে৷ তাৰ পিছতেই সমগ্ৰ কংগ্ৰেছ মহলত জোকৰণিৰ সৃষ্টি হৈছিল৷ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে জিলা পৰিষদৰ সদস্য ছাহজাহান আলীক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰে৷