দুদৰ্শাই যেন লগ নেৰা হৈছে প্ৰদেশ কংগ্ৰেছক। বিশেষকৈ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত সোমবাৰে নিশা আচম্বিতে পদত্যাগ কৰে জালুকবাৰী ব্লক কংগ্ৰেছৰ পৰা প্ৰদেশ কংগ্ৰেছলৈ নিৰ্বাচিত সদস্য, অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা আৰু বৰাক উপত্যকাৰ মহিলা কংগ্ৰেছৰ তত্বাৱধায়ক, দলৰ মিডিয়া পেনেলিষ্ট আৰু গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ বিউটি ৰাজবংশীয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ লিখা পদত্যাগ পত্ৰত বিউটী ৰাজবংশীয়ে ৰাজহুৱা কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰিছে।
ইফালে পদত্যাগ কৰা বিউটি ৰাজবংশীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ৫ নং ৱাৰ্ডৰ তেওঁৰ মালিগাঁও বৰিপাৰাস্থিত ঘৰৰ ওচৰৰ ভাতৃ সদৃশ সঞ্জয় দাসক বিজেপি দলে টিকট প্ৰদান কৰা বাবে তেওঁৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ স্বাৰ্থত কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যকে ধৰি সকলো দলীয় পদবীৰ পৰা পদত্যাগ কৰিছে। সঞ্জয় দাসক দলীয় টিকট প্ৰদান কৰা বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাক ধন্যবাদ জ্ঞাপন কৰি বিউটি ৰাজবংশীয়ে উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰি যাব বুলি সদৰি কৰিছে।