কংগ্ৰেছৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদক দলৰ পৰা নিলম্বন। দলটোৰ প্ৰাথমিক সদস্যপদৰ পৰাও নিলম্বন বিধায়কগৰাকীক।
উল্লেখ্য যে, আজি অনুষ্ঠিত ৰাজ্যসভাৰ নিৰ্বাচনত ইচ্ছাকৃত ভাৱে ভোট কেনচেল কৰাৰ অভিযোগ উঠিছে বিধায়ক ছিদ্দিক আহমেদৰ বিৰুদ্ধে। বেলট পেপাৰত ১ ৰ সলনি ONE বুলি লিখিছিল ছিদ্দিক আহমেদে। কংগ্ৰেছ শীৰ্ষ নেতৃত্বই সংবাদ মেলৰ জৰিয়তে এই বিষয়ে ঘোষণা কৰিছে। ছিদ্দিক আহমেদৰ বিধায়ক পদ খাৰিজ কৰিবলৈও আৱেদন কৰিব বুলি কংগ্ৰেছ নেতৃত্বই সংবাদ মেলত জানিবলৈ দিছে।