মধুৰ নহল ৰাহুল গান্ধীৰ অসম ভ্ৰমণ। মণিপুৰৰ পৰা আৰম্ভ হোৱা কংগ্ৰছৰ পূবৰ পৰা পশ্চিমলৈ ভাৰত ন্যায় যাত্ৰাই আজি অসমত প্ৰৱেশ কৰে। আজি পুৱা নগালেণ্ডৰ তুলিৰ পৰা যাত্ৰা আৰম্ভ কৰি অসম-নগালেণ্ড সীমান্তৱৰ্তী শিৱসাগৰ জিলাৰ হোলাংটিংত প্ৰৱেশ কৰে৷ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে এই ন্যায় যাত্ৰাৰ জৰিয়তে অসমৰ ৰাইজৰ কাষ চপাৰ উদ্দেশ্যৰে অসমত প্ৰৱেশ কৰাৰ সময়তে কংগ্ৰেছৰ পৰা সদ্য অপসাৰিত প্ৰাক্তন কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ বিক্ষোভৰ সন্মুখীন হব লগা হল।
ৰাহুল গান্ধীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাক্তন কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই আমগুৰি চাৰিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত নেত্ৰীগৰাকীক কেইবা শতাধিক কৰ্মীয়ে সহযোগ কৰে। নাৰীয়ে ন্যায় পাব নে বুলি ৰাহুল গান্ধীক প্ৰশ্ন কৰি আমগুৰিৰ লগতে হালোৱাটিংত বেনাৰ পোষ্টাৰ আঁৰিছিল অংকিতা বাহিনীয়ে।অৱশ্যে সেই বেনাৰ পোষ্টাৰ সমূহ ঢাকি দিছিল কংগ্ৰেছ বাহিনীয়ে।
কংগ্ৰেছৰ যুৱৰাজগৰাকী বাছেৰে আহি সভাস্থলিত উপস্থিত হোৱাৰ পিছত নগালেণ্ডৰ আৰু অসমৰ মাজত ৰাষ্টীয় পতাকা আদান প্ৰদান কৰে। ৰাজ্যিক সভাপতি দেৱব্ৰত শইকীয়া, ভূপেন বৰাৰ ভাষণেৰে আৰম্ভ হোৱা হালুৱাটিংত ৰাহুলৰ সভাত ৰাইজৰ উপস্থিতি আছিল তেনেই নগণ্য। সভাস্থলিত প্ৰায় ১৩০০ লোকৰ সমাৱেশত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়ে মাত্ৰ পাঁচ মিনিট ভাষণ দিয়েই সভাস্থলি ত্যাগ কৰে। যুৱৰাজৰ ভাষণৰ সময়ত সভাস্থলিত পিছফালে থকা খালী চকী সমূহে সভাখনৰ অসফলতাৰ স্পষ্ট ছবি দাঙি ধৰিছিল।
অংকিতা দত্তৰ প্ৰতিবাদ আৰু পোষ্টাৰিং ফলত যুৱৰাজে পূৰ্বৰ নিদ্ধাৰিত বহু কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হয়। পূৰ্বে নিদ্ধাৰিত কাৰ্যসূচী অনুসৰি আমগুৰি চহৰৰ মাজেৰে ৰেলী কৰি ৰাজীৱ ভৱনলৈ যোৱাৰ কথা আছিল আৰু সেইবাবেই ৰাজীৱ ভৱনটি আটাকধুনীয়াকৈ সজাই তোলাৰ লগতে সাংস্কূতিক কাৰ্যসূচী ৰূপায়ণৰ বাবে কেইবাটাও সাংস্কৃতিক দলো সাজু কৰি ৰখা হৈছিল। কিন্তু আমগুৰি চহৰত অংকিতা দত্তৰ প্ৰতিবাদৰ ৰোষত পৰাৰ ভয়ত ততাতৈয়াকৈ সকলো কাৰ্যসূচী প্ৰত্যাহাৰ কৰি আমগুৰি এৰি মৰিয়ণিলৈ পলায়ণ কৰে ৰাহুলে।