দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব ? বৰ্তমান সময়ত দেশৰ ৰাজনীতি গৰম কৰি ৰখা এক অন্যতম আলোচ্য বিষয় দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি। নিৰ্বাচন আয়োগে ইতিমধ্যে পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দিন ১৮ জুলাই বুলি ঘোষণা কৰিছে। ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি শাসনাধিস্ত বিজেপিয়ে পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ কৰিব বুলি কেইবাজনো ৰাজ্যপালৰ নাম চৰ্চালৈ অহাৰ সমান্তৰালকৈ বিৰোধী দল সমূহে এগৰাকী ঐক্যবদ্ধ ব্যক্তিক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰক্ষেপ কৰা পৰিকল্পনা প্ৰস্তুত কৰিছে। সেই উদ্দেশ্যৰে বিৰোধী দল সমূহৰ মাজত বৈঠক অব্যাহত আছে।
বিৰোধী দলমসূহৰ মাজত হোৱা বৈঠকত দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে শাৰদ পাৱৰক প্ৰক্ষেপ কৰাৰ সপক্ষে বহুমতত উপনীত হৈছে বুলি খবৰ প্ৰকাশ পাইছে। আশা কৰা হৈছে বিৰোধীয়ে সৰ্বশেষত শাৰদ পাৱাৰকে ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰক্ষেপ কৰিব। জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে অলপতে মুম্বাইত শাৰদ পাৱৰক সাক্ষাৎ কৰিছিলয মল্লিকাৰ্জুন খাৰ্গেয়ে শাৰদ পাৱাৰলৈ কংগ্ৰেছ হাইকামাণ্ড ছোনিয়া গান্ধীৰ হৈ বাৰ্তা বহন কৰিছিল।
একে সময়তে খাৰ্গেয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ সৈতেও এই বিষয়ে কথা পাতিছিল। কংগ্ৰেছ নেতাগৰাকীয়ে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতেও ফোনযোগে এই বিষয়ত কথা পাতিছে মমতা বেনাৰ্জীয়ে বুধবাৰে দিল্লীৰ সংবিধান ক্লাবত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এক যুটীয়া ৰণনীতিৰ বিষয়ে আলোচনা কৰিবলৈ বিৰোধী দলৰ বৈঠকো আহ্বান কৰিছে। আনহাতে দেওবাৰে, শাৰদ পাৱাৰলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ হৈ দলটোৰ সাংসদ সঞ্জয় সিঙেও ফোন কৰি ৰাষ্ট্ৰতি নিৰ্বাচনত ৰাষ্ট্ৰপতি হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ প্ৰস্তাৱ দিছিল।
অৱশ্যে শাৰদ পাৱাৰে এই প্ৰস্তাৱত এতিয়াও সন্মতি জনোৱা নাই। উল্লেখ্যে যে, শাদৰ পাৱাৰক বিৰোধী পক্ষই যদি একত্ৰিত ভাৱে ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ কৰিব পাৰে তেন্তে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ৰূপ সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিধিগত যিমান ভোট আছে তাৰ ৫১ শতাংশই আছে বিৰোধী পক্ষৰ হাতত।