ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে আজি তেঁওলোকৰ বিভিন্ন দাবী সমাধানৰ বাবে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পশ্চিম গুৱাহাটীৰ ৰাণী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সন্মুখত কৰ্মচাৰী সকলে অৱস্হান ধৰ্মঘট কৰে।
প্ৰতিবাদী কাৰ্যসুচীত কৰ্মচাৰী সকলে “৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ আৰঅ’পি ব্যৱস্থা কৰা, সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, খালী হোৱা পদৰ বিপৰীতে অভিজ্ঞতা-যোগ্যতা অনুসৰি ঠিকাভিত্তিক কৰ্মচাৰীক নিযুক্তি দিয়া” আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ঠিকাভিত্তিক কৰ্মচাৰী সকলে এইক্ষেত্ৰত শীঘ্ৰে যাৱতীয় প্ৰদক্ষেপ লবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।