গণৰাজ্য দিৱস সমাগত। ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে ২৬ জানুৱাৰীত সমগ্ৰ দেশৰ লগতে অসমেও উদযাপন কৰিব গণৰাজ্য দিৱস। ইতিমধ্যে বজাৰত উপলব্ধ হৈছে তিনিবৰণীয়া জাতীয় পতাকা। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে অসম খাদী বোৰ্ডৰ। দিনে-নিশাই খাদী বোৰ্ডৰ একাংশ কৰ্মচাৰী ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাত। এইবাৰ ৫৪০০ খন ৰাষ্ট্ৰীয় পতাকা সাজি উলিওৱাৰ লক্ষ্য স্থিৰ কৰিছে অসম খাদী বোৰ্ডে আৰু ইয়াৰ মূল্য প্ৰায় ১১.২০ লাখ টকা।
উল্লেখ্য যে, এয়া প্ৰথমবাৰৰ বাবে নহয় ইয়াৰ পূৰ্বেও গনৰাজ্য দিৱস হওক অথবা স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অসম খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিছ বোৰ্ডে ৰাষ্ট্ৰীয় পতাকা তৈয়াৰ কৰি বজাৰত বিভিন্ন দৰত বিক্ৰী কৰা পৰিলক্ষিত হয়।
যোৱা ১৫ আগষ্টত অসম খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিছ বোৰ্ডে প্ৰায় ৩০০০ ৰাষ্ট্ৰীয় পতাকা তৈয়াৰ কৰাৰ লক্ষ্য ৰাখিছিল যদিও ২০০০ৰো অধিক পতাকা তৈয়াৰ কৰি বজাৰত বিক্ৰীৰ বাবে মুকলি কৰি দিছিল। এই ৰাষ্ট্ৰীয় পতাকা সমূহ বজাৰত ২০০ টকাৰ পৰা আৰম্ভ কৰি ৫০০ টকা পৰ্যন্ত বিক্ৰী হয়।