আজি উত্তৰাখণ্ডৰ ডেৰাডুনত এক নিৰ্বাচনী জনসভা আৰু ভাৰ্চুৱেল ৰেলী সম্বোধন কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। এই অনুষ্ঠানতে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে উত্তৰাখণ্ড কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ লগতে স্বাভিমান প্ৰতিগ্য ৰেলীত ভাষণো আগবঢ়ায়। উক্ত অনুষ্ঠানত প্ৰিয়ংকা গান্ধীয়ে কয় যে, ৰাজ্যখনত তেওঁৰ চৰকাৰ গঠন হ’লে ৰন্ধন গেছৰ মূল্য ৫০০ টকাতকৈও কম হ’ব। ৪ লাখ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰাৰ উপৰিও ৰাজ্যখনৰ পৰ্যটন উদ্যোগ আৰু আৰক্ষী বাহিনী গঠনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব। নিবনুৱাসকলক সংস্থাপিত কৰাৰ লগতে ৰাজ্যখনত চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও কয়।