ক’ৰোনাত আক্ৰান্ত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ক’ভিড পজিটিভ হোৱা বুলি নিজেই টুইটাৰত সদৰী কৰিছে অৰবিন্দ কেজৰিৱালে। নিজকে হোম আইচলেচনত ৰখা বুলি উল্লেখ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ টুইট কৰি লিখিছে যে ”মই কোভিড পজিটিভ। মোৰ শৰীৰত কোভিডৰ মৃদু লক্ষণ আছে। ঘৰত নিজকে মই পৃথক কৰি ৰাখিছো।
যিসকলে যোৱা কেইদিনমানত মোৰ সৈতে যোগাযোগ কৰিছিল, অনুগ্ৰহ কৰি নিজকে পৃথক কৰক আৰু নিজকে পৰীক্ষা কৰাওক।” উল্লেখ্য যে পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত আগন্তুক নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাত ব্যস্ত আছিল দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল। দিল্লীত কোভিডৰ তীব্ৰ সংক্ৰমণ অব্যাহত আছে।
দিল্লীত সোমবাৰে ২৪ ঘণ্টাত ৪,০৯৯ টা নতুন কোভিড পজিটিভ ঘটনা ধৰা পৰিছে। এক চৰকাৰী বিবৃতি অনুসৰি দিল্লীত কোভিড পজিটিভৰ হাৰ হৈছে ৬.৪৬ শতাংশ। প্ৰায় ৬,২৮৮ জন কোভিড-১৯ ৰোগী নিজ ঘৰত হোম আইলেচনত আছে। বৰ্তমানে দিল্লীত ক’ৰনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সেৱাসমূহ বাদ দি সম্পূৰ্ণ কাৰ্ফিউ জাৰি কৰা হৈছে।