ক’ভিডৰ ঢৌৱে কোবাইছে সমগ্ৰ ধৰা৷ ক’ভিডৰ তৃতীয় ঢৌৱে প্ৰভাৱিত কৰাৰ লগতে বিশ্বব্যাপী ৩৩৩.৫ নিযুত লোক আক্ৰান্ত হৈছে আৰু ক’ভিডৰ ফলত ৫.৫৫ নিযুততকৈও অধিক লোক মৃত্যু হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰোনাত আক্ৰান্ত হৈছে ৩লাখ ১৭হাজাৰ ৫৩২জন লোক।
ইয়াৰ সমান্তৰালকৈ দেশত মুঠ অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১০ হাজাৰতকৈও অধিক।যোৱা ২৪ ঘন্টাত ১৮.৮৯ লাখতকৈয়ো অধিক লোকৰ কৰ’না পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰ ভিতৰত ১৫.১৩ শতাংশৰ দেহত পজিটিভ ধৰা পৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই পুনৰ এবাৰ সকলোকে সতৰ্ক কৰি অমিক্ৰ’ণ ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন লোকে কৰা দাবীসমূহ বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ শীৰ্ষ বিষয়া মাইকেল ৰিয়ানে কয় যে, “অমিক্ৰন তুলনাত্মকভাৱে কম ক্ষতিকাৰক হ’ব পাৰে, কিন্তু ই এক সাধাৰণ ৰোগ বুলি বৰ্ণনা কৰাটো বিভ্ৰান্তিকৰ। ক’ভিড ভেকচিনে ক’ভিডক কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পাৰিব যদিও ইয়াক সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাটো সম্ভৱ নহয়।ক’ভিড কেতিয়াও শেষ নহয়। সময়ৰ লগে লগে এই ভাইৰাছ পৰিৱেশৰ এক অংশ হৈ পৰিব।” তেওঁৰ মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।