ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আজি ইউক্ৰেইন সামৰিক অভিযান ঘোষণা কৰিলে। সম্ভাৱ্য যুদ্ধ প্ৰতিহত কৰিবলৈ কেইবাসপ্তাহৰ তীব্ৰ কূটনীতি আৰু ৰাছিয়াৰ ওপৰত পশ্চিমীয়া নিষেধাজ্ঞা আৰোপ কৰিও পুটিনক বাধা দিয়াত ব্যৰ্থ হল ইউক্ৰেইন।
যুদ্ধৰ মাজতে, ৰাছিয়াই ইউক্ৰেইনৰ কেইবাটাও চৰকাৰী ৱেবছাইট হেক কৰাৰ অভিযোগ উত্থাপিত হৈছে। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ খবৰ অনুসৰি,বৰ্তমানলৈকে, ইউক্ৰেইনৰ প্ৰায় ১০০টা গুৰুত্বপূৰ্ণ কম্পিউটাৰৰ ডাটা হেক কৰাৰ লগতে, ইউক্ৰেইন চৰকাৰৰ নিজা ৱেবছাইট, শিক্ষা-মন্ত্ৰালয়ৰ ৱেবছাইট আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইটৰ সকলো তথ্য ৰাছিয়াৰ দ্বাৰা হেক কৰা হৈছে।
চাইবাৰ নিৰাপত্তা গৱেষকসকলে আগতেই ভৱিষ্যতবাণী কৰিছিল যে, ৰাছিয়াই যিকোনো সময়তে চাইবাৰ আক্ৰমণ আৰম্ভ কৰিব পাৰে। ইউক্ৰেইনৰ আগশাৰীৰ চাইবাৰ সুৰক্ষা কোম্পানী মাণ্ডিয়ানৰ উপ-সভাপতি আৰু মুখ্য প্ৰযুক্তি বিষয়া চাৰ্লছ কৰ্মাকালে কয় যে, ‘আজি পুৱা ইউক্ৰেইনৰ একাধিক চৰকাৰ আৰু বাণিজ্যিক ৱেবছাইটত একাধিক মালৱেৰ আক্ৰমণৰ খবৰ পাইছো। অৱশ্যে, ইউক্ৰেইন চৰকাৰে এতিয়ালৈকে এই বিষয়ে একো মত ব্যক্ত কৰা নাই।
খবৰ অনুসৰি, ইউক্ৰেইনৰ এটা বিত্তীয় প্ৰতিষ্ঠান আৰু ইউক্ৰেইন চৰকাৰৰ এটা ঠিকা সংস্থাৰ ৱেবছাইটসমূহ ৰাছিয়াৰ হেকাৰৰ কৱলত পৰিছে। ইউক্ৰেইন চৰকাৰৰ বিশেষ যোগাযোগ আৰু তথ্য সুৰক্ষাৰ ৰাজ্যিক সেৱাৰ এক প্ৰতিবেদন অনুসৰি, ৰাছিয়াই এই বছৰৰ ১৫ ফেব্ৰুৱাৰীত প্ৰথম চাইবাৰ আক্ৰমণ চলাইছিল।