কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা পৰিস্থিতিৰ উন্নতিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি নাগালেণ্ড, অসম আৰু মণিপুৰত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ (AFSPA) অধীনত অশান্ত অঞ্চলসমূহ কেইবা দশকৰ পিছত হ্ৰাস কৰিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰী মোদীৰ শান্তিপূৰ্ণ আৰু সমৃদ্ধ উত্তৰ-পূব অঞ্চলৰ দৃষ্টিভংগী উপলব্ধি কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ লগত বাৰ্তালাপ কৰে। উল্লেখ্য যে, বহু উগ্ৰপন্থী গোটে অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰি গণতন্ত্ৰৰ অংশ হৈ পৰিছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি আৰু উন্নয়নত অংশগ্ৰহণ কৰিছে। বিগত কেইবছৰমানত প্ৰায় ৭০০০ উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে।
বিগত তিনি বছৰত ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী মোদীৰ উগ্ৰবাদৰ সমাপ্তি আৰু উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি স্থাপনৰ সপোন বাস্তৱায়িত কৰিবলৈ কেইবাটাও চুক্তি স্বাক্ষৰ কৰিছে। যেনে,
• জানুৱাৰী, ২০২০-ৰ বড়ো চুক্তি য’ত অসমৰ ৫ দশক পুৰণি বড়ো সমস্যা সমাধান হৈছিল ৷
• ২০২১ চনৰ ০৪ ছেপ্টেম্বৰৰ কাৰ্বি-আংলং চুক্তিয়ে অসমৰ দীৰ্ঘদিনীয়া কাৰ্বি অঞ্চলৰ বিবাদ সমাধান কৰিছে।
• ত্ৰিপুৰাত উগ্ৰপন্থীসকলক সমাজৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ বাবে ২০১৯ চনৰ আগষ্টত এনএলএফটি (এছডি) চুক্তি স্বাক্ষৰিত হৈছিল।
• ২৩ বছৰ পুৰণি ব্ৰু-ৰিয়াং শৰণাৰ্থীৰ সংকট সমাধানৰ বাবে ২০২০ চনৰ ১৬ জানুৱাৰীত এক ঐতিহাসিক চুক্তি স্বাক্ষৰিত হৈছিল যাৰ অধীনত ত্ৰিপুৰাত ৩৭,০০০ আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকক বসতি স্থাপন কৰা হৈছে।
• ২০২২ চনৰ ২৯ মাৰ্চত অসম আৰু মেঘালয় ৰাজ্যৰ সীমাৰ পৰিপ্ৰেক্ষিতত আন এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে।
কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে বাৰ্তালাপ কৰি আহিছে আৰু ইতিমধ্যে নিৰাপত্তা পৰিস্থিতি উন্নত হোৱাৰ বাবে ২০১৫ চনত ত্ৰিপুৰা আৰু ২০১৮ চনত মেঘালয়ৰ পৰা AFSPAৰ অধীনত অশান্ত অঞ্চলৰ অধিসূচনা সম্পূৰ্ণৰূপে আঁতৰোৱা হৈছিল।
আনহাতে, ১৯৯০ চনৰ পৰা সমগ্ৰ অসমত অশান্ত অঞ্চলৰ অধিসূচনা বলৱৎ হৈ আছে। অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমৰ ২৩ খন জিলাৰ পৰা AFSPA সম্পূৰ্ণৰূপে বাতিল কৰাৰ লগতে ১খন জিলাৰ পৰা আংশিকভাৱে আঁতৰোৱা হৈছে।
সেইদৰে মণিপুৰত (ইম্ফল পৌৰসভা অঞ্চলৰ বাহিৰে) ২০০৪ চনৰ পৰা AFSPA বলৱৎ হৈ আহিছে। কাইলৈৰ পৰা মণিপুৰত AFSPA অধিসূচনাৰ পৰা ৬ খন জিলাৰ ১৫ খন আৰক্ষী থানা এলেকাক বিবাদমুক্ত কৰা হৈছে।
অৰুণাচল প্ৰদেশত ২০১৫ চনৰ পৰা ৩ খন জিলা, অসম সংলগ্ন অৰুণাচল প্ৰদেশৰ ২০ কিলোমিটাৰ AFSPA ষ্ট্ৰিপৰ ১৬ খন আৰক্ষী থানা এলেকা আৰু আন ৯ খন জিলাত প্ৰযোজ্য হৈ আছিল য’ত বৰ্তমান কেৱল ৩ খন জিলা আৰু আন ১ খন জিলাৰ ২ খন আৰক্ষী থানা অঞ্চলত AFSPA বলৱৎ হৈ আছে আৰু ক্ৰমান্বয়ে ইয়াক হ্ৰাস কৰা হৈছে।
১৯৯৫ চনৰ পৰা সমগ্ৰ নাগালেণ্ডত অশান্ত এলেকাৰ অধিসূচনা বলৱৎ হৈ আছে। কেন্দ্ৰীয় চৰকাৰে পৰ্যায়ক্ৰমে AFSPA আঁতৰোৱাৰ বাবে এই সন্দৰ্ভত গঠন কৰা সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰিছে। নাগালেণ্ডত ১ এপ্ৰিলৰ পৰা ৭ খন জিলাৰ ১৫ খন আৰক্ষী থানাৰ পৰা AFSPA অধিসূচনা আঁতৰোৱা হৈছে।