আজি হাফলঙত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকখন কেইবাটাও দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ।
কেবিনেট বৈঠকত আজি গ্ৰহণ কৰা সিদ্ধান্ত সমূহ হ’লঃ
অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বিষয়ত কেবিনেটত সিদ্ধান্ত লোৱা হয়৷ বৃহস্পতিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে৷
মৰিগাঁও আৰু শুৱালকুছি মহাবিদ্যালয়ত বাণিজ্য শাখা স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ সেইদৰে ৮খন কলেজত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
২১৪ কোটি ব্যয় সাপেক্ষে শিলচৰত এখন মুকলি চিৰিয়াখানা স্থাপন কৰা হ’ব৷
মৰাণ, মটক, বড়ো কছাৰী উন্নয়ন পৰিষদ আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নীতি নিৰ্ধাৰণ কৰা হৈছে। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ ১০০জন কৰ্মচাৰীৰ দৰমহা ৰাজ্য চৰকাৰে দিব।