• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ তেজপুৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

নিউজ ডেস্ক by নিউজ ডেস্ক
June 11, 2022
in ৰাজনীতি, অসম
1 min read
0
আজিৰ তেজপুৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ পিছত দিছপুৰৰ বাহিৰত তেজপুৰত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেজপুৰ সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হোৱা এই বৈঠকৰ পিছতে তেজপুৰৰ বাবেও বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়।

বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহ ঘোষণা কৰে। এই সংবাদ মেলতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, জুলাইত শিলচৰত আৰু আগষ্টত কোকৰাঝাৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰা হ’ব। আজিৰ বৈঠকত ২২টাকে ধৰি মুঠ ৬০০ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। এই ৬০০ সিদ্ধান্তৰ ভিতৰত কিমান সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ল সেই সন্দৰ্ভত ৰাজ্যবাসীক অৱগত কৰিবলৈ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত এক কমিটী গঠন কৰা হৈছে। এই কমিটীয়ে পৰৱৰ্তী কেবিনেটত এই সন্দৰ্ভত অৱগত কৰিব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত তেজপুৰত বহা কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ

  • দিছপুৰত আবদ্ধ হৈ থকা ১০৩৭ টা মাটিৰ আবণ্টনৰ প্ৰস্তাৱত অনুমোদন।
  • ১৯৯২ চনৰ পৰা বিভিন্ন জিলাৰ পৰা মাটিৰ আবণ্টনক লৈ ১০৩৭ টা প্ৰস্তাৱ দিছপুৰতে আবদ্ধ হৈ আছিল। কেবিনেটে এই আটাইবোৰ প্ৰস্তাৱত অনুমোদন দিছে।
  • অমৃত সৰোবৰ নিৰ্মাণৰ ৩৫০ কোটি টকা অনুমোদন। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়নৰ যোজনাৰ পৰা অনুমোদন দিয়া হৈছে এই ধন।
  • পৌৰ নিগম আৰু নিকায়ৰ মুখ্য কাৰ্যবাহী,অভিযন্তা,গাণনিক বিষয়া আদিক চৰকাৰে নিযুক্তি দিব।
  • এইসকল বিষয়াৰ বদলিকৰণৰো ব্যৱস্থা থাকিব আৰু চৰকাৰে তেওঁলোকক দৰমহা দিব।
  • সৌৰশক্তি আহৰণৰ বাবে অসমত ১০০০ মেগাৱাট সম্পন্ন নতুন সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰা হ’ব।
  • প্ৰায় ৫০০০ কোটি টকা বিনিয়োগ হ’ব এই প্ৰকল্পত।
  • অসমৰ বিভিন্ন ঠাইৰ চৰকাৰী ভূমিত এই প্ৰকল্পসমূহ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ।
  • শক্তি বিভাগলৈ বৈদ্যুতিক মিটাৰ, ট্ৰান্সফৰ্মাৰ আদি যোগানৰ বাবে কেবিনেটৰ ৮,৭২৭ কোটি টকা অনুমোদন।
  • কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে ইয়াৰ বাবে প্ৰদান কৰিব পুঁজি।
  • গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ নামত নতুন সমিতি গঠন হ’ব।
  • সমিতিৰ তত্বাৱধানত পৰিচালিত হ’ব গৰুখঁটি কৃষি প্ৰকল্প।
  • এজন এ চি এছ বিষয়াৰ নেতৃত্বত হ’ব এই নতুন সমিতি। তেওঁৰ তত্বৱধানতে থাকিব এই প্ৰকল্প।
  • গুৱাহাটীত ৫০০০ হাজাৰ মানুহ বহিব পৰাকৈ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ১৮৫ কোটি টকাৰ অনুমোদন।
  • বটদ্ৰৱা থান উন্নয়ন প্ৰকল্পৰ বাবে দ্বিতীয় পৰ্যায়ৰ ধন মুকলি কৰাৰো সিদ্ধান্ত।
  • লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তী উপলক্ষে ১৫০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত।
  • লখিমপুৰ আৰু ঢকুৱাখনাক পোনপটীয়াকৈ সংযোগ কৰিবলৈ ঘূণাসুঁতিৰ ওপৰত দলং নিৰ্মাণৰ প্ৰস্তাৱ।
  • এই দলং নিৰ্মাণৰ বাবে ৩৮৩ কোটি টকাৰ অনুমোদন।
  • এই দলং নিৰ্মাণৰ ফলত লখিমপুৰ-ধেমাজি আৰু মাজুলীৰ দূৰত্ব হ্ৰাস পাব।
  • বাক্সা জিলাৰ তামুলপুৰ আৰু বৰমাকো দলঙেৰে সংযোগৰ সিদ্ধান্ত।
  • ই দলংৰ বাবে ২৪৭ কোটি টকাৰ অনুমোদন।

At our Govt’s 50th Cabinet meeting held today, we took several decisions, including settlement for indigenous landless families, transformation of Batadrava Than, setting up Freedom Park at Jorhat Jail and new bridges over Subansiri & Pagladiya, among others. pic.twitter.com/6e0FHnA7bz

— Himanta Biswa Sarma (@himantabiswa) June 11, 2022

তেজপুৰক লৈ কেবিনেটৰ সিদ্ধান্তসমূহ–

  • তেজপুৰৰ মিছন চাৰিআলি উৰণীয়া সেতুৰ Revised অনুমোদন।
  • উৰণীয়া সেতুৰ দৈৰ্ঘ্য বৃদ্ধি পোৱাৰ ফলত নিৰ্মাণ ব্যয় বৃদ্ধি হোৱাৰ বাবে ৫০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।
  • মৰা ভৰলুৰ পুনৰ খননৰ বাবে ১৫ কোটি টকা অনুমোদন।
  • তেজপুৰৰ বৰপুখুৰী উন্নয়নৰ বাবে ১৬ কোটি টকা অনুমোদন।
  • বাণ থিয়েটাৰৰ আধুনিকিকৰণৰ বাবে ৪ কোটি টকা অনুমোদন।
  • স্থানান্তৰ কৰা হ’ব তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰ।
  • তেজপুৰৰ মাজমজিয়াৰ পৰা এই কেন্দ্ৰীয় কাৰাগাৰ চাৰিদুৱাৰলৈ স্থানান্তৰ কৰা হ’ব।
  • বৰ্তমানৰ জে’লৰ ৬৪ বিঘা মাটিত হ’ব এই প্ৰকল্প।
  • তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি কৰা হ’ব।
  • বৰ্তমান লিচু যোগান ধৰা অগ্নিগড় FPCৰ বাবে Processing Plant নিৰ্মাণ কৰিবলৈ কেবিনেটে অনুমোদন দিব।
Previous Post

নিবনুৱা! ৰাজ্যৰ ২৬ হাজাৰ পদৰ বাবে ১২ লাখ প্ৰাৰ্থীৰ আবেদন

Next Post

কাইলৈ কাৰ্বি আংলং স্বায়িত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কাইলৈ কাৰ্বি আংলং স্বায়িত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা!

কাইলৈ কাৰ্বি আংলং স্বায়িত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা!

ব্যৱাসীয়ক লুটপাত কৰাৰ অভিযোগত ৩ প্ৰাক্তন KLO’ সদস্যসহ ৫ জনক গ্ৰেপ্তাৰ

ব্যৱাসীয়ক লুটপাত কৰাৰ অভিযোগত ৩ প্ৰাক্তন KLO’ সদস্যসহ ৫ জনক গ্ৰেপ্তাৰ

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে তৰা গোচৰ খাৰিজ

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে তৰা গোচৰ খাৰিজ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8