কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ (চিজেএম) আদালতে নাকচ কৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াৰ আবেদন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ উপ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে দাখিল কৰা মানহানিৰ গোচৰ প্ৰক্ৰিয়া বাতিল কৰাৰ বাবে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই জনোৱা আবেদন নাকচ কৰিছে আদালতে।
উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকী ১৯ নৱেম্বৰত বিচাৰ আদালতত হাজিৰ হ’ব লাগিব।
উল্লেখ্য যে, আগষ্টত, চিজেএম আদালতে চিছোদিয়াক চমন জাৰি কৰি ২৯ ছেপ্টেম্বৰত ব্যক্তিগত ভাৱে হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল যদিও দিল্লীৰ উপ মুখ্যমন্ত্ৰীয়ে এয়া বাতিল কৰিবলৈ আদালতৰ কাষ চাপিছিল। তাৰ পাছতেই ন্যায়ালয়ে চিছোদিয়াক ১৯ নৱেম্বৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে।