কিছুদিন পূৰ্বে টাৱাং সীমান্তত চীনে চলাব খোজা অনুপ্ৰৱেশ সাহসেৰে মোকাবিলা কৰি আন্তৰ্জাতিক মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা। ইয়াৰ মাজতে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’ই চীন সীমান্ত সংযোগী বাট পথ সমূহৰ আন্তঃগাঁঠনি উন্নয়ন সাধনৰ কাম কৰি আহিছে। ইয়াৰ অংশ হিচাপে অৰুণাচল প্ৰদেশৰ চিয়াং জিলাত চীন সীমান্ত সংযোগী চিয়াং নদীৰ ওপৰত বি আৰ অ’ই অত্যাধুনিক প্ৰযুক্তিৰে তীখাৰে নিৰ্মাণ কৰিছে ১০০ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং।
আনহাতে অহা ৩ জানুৱাৰীত সেই দলংখন উদ্ধোধন কৰিবৰ বাবে সোমবাৰে সন্ধিয়া দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতীয় বায়ু সেনাৰ ডিব্ৰুগড়ৰ মোহনবাৰী বিমানঘটিত আহি উপস্থিত হয় ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। বিমান বন্দৰত প্রতিৰক্ষামন্ত্ৰী গৰাকীক আদৰণি জনায় ভাৰতীয় সেনাৰ কলকাতাস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই। আনহাতে সোমবাৰে নিশাটো মোহনবাৰী বিমানঘাটিত কটোৱাৰ পাছত ৩ জানুৱাৰীৰ পুৱা ১০ বজাত ৰাজনাথ সিঙে ভাৰতীয় বায়ু সেনাৰ হেলিকাপ্তাৰ যোগে অৰুণাচল প্ৰদেশ অভিমুখে ৰাওনা হব। বিয়লি পুনৰ ডিব্ৰুগড়লৈ উভতি আহিব আৰু তাৰ পৰা বিশেষ বিমানৰে নতুন দিল্লীলৈ উভতি যাব।