গুজৰাটৰ ভালচাদ জিলাৰ কেইবাখনো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত কৰা হৈছিল ‘মোৰ আদৰ্শ নাথুৰাম গডছে’ শীৰ্ষক এক বক্তৃতা প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতাৰ পাছতেই গুজৰাটত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ তথ্য অনুসৰি, এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে গুজৰাটৰ নীতাবেন গাভলি নামৰ এগৰাকী বিষয়াক নিলম্বিত কৰা হৈছে।
পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা ‘মোৰ আদৰ্শ নাথুৰাম গডছে’ শীৰ্ষক প্ৰতিযোগিতাৰ পাছতে তদন্ত আৰম্ভ কৰিছে গুজৰাট চৰকাৰে৷ গুজৰাট চৰকাৰৰ যুৱ সেৱা আৰু সাংস্কৃতিক কাৰ্যকলাপ বিভাগৰ অধীনত জিলা পৰ্যায়ৰ শিশু প্ৰতিভা অনুসন্ধান প্ৰতিযোগিতাৰ অংশ হিচাপে কুসুম বিদ্যালয় নামৰ এখন বিদ্যালয়ত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
অনুষ্ঠানটোত জিলাখনৰ প্ৰায় ২৫খন বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাখনৰ বাতৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত ৰাইজৰ মাজত তুমুল বিতৰ্কৰ সূত্ৰপাত হয়।
জিলা শিক্ষা বিষয়া বি ডি বৰাই কয়, আমি অনুষ্ঠানটোৰ বিষয়ে অৱগত নাছিলোঁ৷ কিয়নো, জিলা যুৱ বিকাশ কাৰ্যালয়ে ইয়াৰ পৰিকল্পনা আৰু ৰূপায়ণ কৰিছিল।
যুৱ বিকাশ কাৰ্যালয়ে ৮ ফেব্ৰুৱাৰীত জিলাখনৰ সকলো ২৫ খন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু ১৪ ফেব্ৰুৱাৰীত ভালচাদৰ তিথাল পথৰ কুসুম বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন প্ৰতিযোগিতাত শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণ বিচাৰিছিল। আনকি বিচাৰকসকলকো যুৱ বিকাশ কাৰ্যালয়ৰ পৰা নিযুক্তি দিয়া হৈছিল।
ভালচাদ জিলাৰ উপায়ুক্ত ক্ষিপ্ৰা আগ্ৰেই কয়, আমি সংশ্লিষ্ট বিষয়া নীতাবেন গাভলীক তাৎক্ষণিকভাৱে নিলম্বন কৰিছোঁ৷ গান্ধীনগৰৰ সাংস্কৃতিক বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
জ্যেষ্ঠ কংগ্ৰেছ নেতা অৰ্জুন মোধৱাদিয়াই ঘটনাটোক গৰিহণা দি টুইট কৰে, ভালচাদত এক প্ৰতিযোগিতাৰ নামত, গডছেক নায়ক হোৱাৰ বিষয়ে শিশুসকলক শিক্ষা দিয়াৰ এয়া এক অত্যন্ত লজ্জাজনক প্ৰয়াস৷ এনেদৰে তেওঁলোকৰ মনত মহাত্মা গান্ধীৰ প্ৰতি ঘৃণাৰ সৃষ্টি কৰোৱা হৈছে বুলি তেওঁ অভিযোগ কৰে৷