বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালৰ আৱাস গৃহত আক্ৰমণ কৰে দুৰ্বৃত্তই। আৰক্ষীয়ে এই সন্দৰ্ভত বৰ্তমানলৈ প্ৰায় ৭০ জন লোকক আটক কৰি তদন্ত আৰম্ভ কৰিছে। আক্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীৰ ঘৰৰ বাহিৰত থকা চিকিউৰিটি বেৰিয়াৰ আৰু চিচিটিভিও ভাঙি পেলোৱা হয়। আম আদমী পাৰ্টীয়ে কয় যে, বিজেপিৰ নেতা আৰু কাৰ্যকৰ্তাসকলে অৰবিন্দ কেজৰিবালৰ ঘৰৰ বাহিৰত আক্ৰমণ চলাইছে।
भाजपाईयों की गुण्डागर्दी देखो।
कश्मीरी पंडित तो बहाना है केजरीवाल को जान से मरवाना है।दिल्ली पुलिस की मौजूदगी ने दिल्ली के मुख्यमंत्री @ArvindKejriwal जी के घर पर हमला।
मुख्यमंत्री के घर के बाहर लगे सिक्योरिटी बैरियर और सीसीटीवी कैमरा तोड़े गए। pic.twitter.com/QX1LstpuZt
— Sanjay Singh AAP (@SanjayAzadSln) March 30, 2022
উল্লেখ্য যে, বিজেপিৰ কাৰ্যকৰ্তাই আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালে কাশ্মীৰ পণ্ডিতসকলক লৈ কৰা মন্তব্যৰ বিৰোধীতা কৰি বিৰোধ প্ৰদৰ্শন কৰোতে হিংসাত্মক কাৰ্য হোৱা বুলি জানিব পৰা গৈছে। দিল্লী আৰক্ষীৰ মতে বুধবাৰে পুৱা ১১.৩০ বজাৰ পৰা ১.৫০ বজালৈ প্ৰায় ২০০ জন বিজেপিৰ কৰ্মকৰ্তাই প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু তাৰ কিছু সময়ত পাছতেই একাংশ কাৰ্যকৰ্তাই মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰৰ বাহিৰত বিৰোধ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছতেই তেওঁলোকে চিচিটিভি, বেৰিকেড আদি নষ্ট কৰি পেলায়।