উত্তৰ-পূৱৰ প্ৰথমটো ৰেল লাইন হিচাপে পৰিচিত ডিব্ৰু-ছৈখোৱা ৰেল লাইন পুনৰ আৰম্ভ কৰাৰ দাবীত আজি সদৌ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই ডুমডুমাত NFৰেলৱেৰ মহা প্ৰৱন্ধক আনচূল গুপ্তা আৰু তিনিচুকীয়া ৰেল প্ৰৱন্ধক বিজয় কুমাৰ মিশ্ৰৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মাকুম ৰেল জংচনৰ অন্তৰ্গত ডাঙৰী, ডুমডুমা, তিনিচুকীয়া হৈ ডিব্ৰুগড়লৈকে বন্ধ হৈ থকা ৰেল সেৱা পুনৰ আৰম্ভ কৰাৰ দাবীত তিনিচুকীয়া জিলাখনত আছুৱে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছেবৰ্তমান সময়ত তিনিচুকীয়া জিলাৰ ছয়টাকৈ ৰেল ষ্টেচনত ৰেল বিভাগে তলা লাগাইছে৷ শীঘ্ৰেই ডিব্ৰু-ছৈখোৱা ৰেল লাইন যাত্ৰীৰ বাবে মুকলি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আছুৱে দাবী জনাইছে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি কেন্দ্ৰীয় ৰেলমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।