ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ পিছতে পশ্চিম গুৱাহাটী সমষ্টি বিলুপ্ত কৰি চেণ্ট্ৰেল গুৱাহাটী নামেৰে নামাকৰণ কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে অসম গণ পৰিষদৰ পশ্চিম গুৱাহাটী বিধান পৰিষদে।আজি সমষ্টিটোৰ লখৰাৰ শাওকুছিৰ প্ৰগতিশীল সংঘত বিধান পৰিষদৰ উদ্যোগত অনুষ্ঠিত এক সভাত সমষ্টি বাসীৰ আবেগ-অনুভূতিৰ কথা চিন্তা নকৰি পশ্চিম গুৱাহাটী সমষ্টি নামটো বিলুপ্ত কৰি নিৰ্বাচন আয়োগে নতুনকৈ চেণ্ট্ৰেল গুৱাহাটী সমষ্টি নামাকৰণ কৰাত উপস্থিত আটায়ে তীব্ৰ বিৰোধিতা কৰে আৰু পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টি নামটোয়ে বাহাল ৰাখিবলৈ দাবী জনায়।
অগপৰ মহানগৰ সমিতিৰ সভাপতি ৰাজেন চন্দ্ৰ মেধিৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠিত সভাত অংশগ্ৰহন কৰি অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মাই তীব্ৰ বিৰোধিতা কৰি কয় যে দেশে স্বাধীনতা লাভ কৰাৰ পিছত গণতান্ত্ৰিক দেশ হিচাপে মৰ্য্যদা লাভ কৰি বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়ৰে পৰা পশ্চিম গুৱাহাটী সমষ্টিটো আছে।
তেনে ক্ষেত্ৰত হঠাতে পশ্চিম গুৱাহাটী সমষ্টি বিলুপ্ত কৰি চেণ্ট্ৰেল গুৱাহাটী সমষ্টি হিচাপে নামাকৰণ কৰি সমষ্টিটোৰ জনসাধাৰণৰ আবেগ-অনুভূতিক আঘাট দিয়া হৈছে।সভাত অগপৰ মহানগৰ জিলা সমিতিৰ সভাপতি পৰেশ বৰুৱা,বিধান পৰিষদৰ উপসভাপতি ভূপেন ঠাকুৰীয়া, পৰমেশ্বৰ বৰ্মন, সম্পাদক ৰবীন দৈমাৰী,পাৰিষদ বিজু মেধি, দীপাংকৰ বৈশ্য, পুৰবী তালুকদাৰ, কল্পনা দাস আদি কৰি বিভিন্নজনে নিজৰ বক্তব্যত ৰাইজৰ আবেগ-অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি চেণ্ট্ৰেল গুৱাহাটীৰ পৰিবৰ্তে পশ্চিম গুৱাহাটী সমষ্টি হিচাপে নামাকৰণ কৰি সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কিছু অঞ্চল সালসলনি কৰি চূড়ান্ত কৰিবলৈ দাবী জনায়। এই ক্ষেত্ৰত ২২,২৪ আৰু ৪৩ নম্বৰ ৱাৰ্ড কেইটাও সংযোজিত কৰিবলৈ দাবী জনায়।
উল্লেখযোগ্য যে উক্ত সভাতেই পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা সমষ্টিহীন হোৱা কথাক নশ্যাৎ কৰি চেণ্ট্ৰেল গুৱাহাটী সমষ্টিয়ে বিধায়কগৰাকীৰ সমষ্টি বুলি উল্লেখ কৰে।সভাত পশ্চিম গুৱাহাটী যুৱ বিধান পৰিষদ, মহিলা বিধান পৰিষদ, কেন্দ্ৰৰীয় যুৱ পৰিষদৰ বিষয়ববীয়াৰ লগতে ৱাৰ্ড সমিতিৰ বিষয়ববীয়াও উপস্থিত থাকে।