চৰকাৰী বিদ্যালয়ত এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল খুব এটা আশাব্যঞ্জক নহ’ল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি নিম্নমানৰ ফলাফল পদৰ্শন কৰা ৰাজ্যৰ ১০২ খন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক তথা মুৰব্বীক কৈফিয়ৎ তলব অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ। শূন্য উত্তীৰ্ণ আৰু ১০ শতাংশতকৈ কম উত্তীৰ্ণ বিদ্যালয়ৰ মুৰব্বীৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা লোৱা নহ’ব সেই সন্দৰ্ভত ৭ দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে।
উল্লেখ্য যে, মাধ্যমিক শিক্ষা সঞ্চালকালয়ে শূন্য শতাংশ উত্তীৰ্ণ হোৱা ২৫ খন বিদ্যালয়, ১০ শতাংশতকৈ কম ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱা ৭০ খন বিদ্যালয় আৰু ১০ শতাংশ উত্তীৰ্ণ হোৱা ৭খন বিদ্যালয়সহ মুঠ ১০২ খন বিদ্যালয়ৰ মুৰব্বীলৈ জাননী জাৰি কৰি কৈফিয়ৎ তলব কৰা হৈছে।