ভূপেন বৰাই ফ্লেটৰ তুলনাত মাটিৰ প্ৰসংগ টানি অনাৰ পিছতেই অধিক আক্ৰমণাত্মক হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। হাজৰিকাই কয়, ” ভূপেন বৰাই অন্যায় কাম কৰি আছিল বুলি স্বীকাৰ কৰিছে, কিন্তু স্বীকাৰ কৰিলেই সকলো শেষ হয় নেকি, মাৰ্ডাৰ কৰি স্বীকাৰ কৰিলেও দোষ শেষ হয় নেকি?”
আনহাতে মাটি ক্ৰয়ৰ প্ৰসংগত পীযুষ হাজৰিকাই কয় যে মাটি ক্ৰয় কৰাটো বেআইনী নহয়, যদি কিবা তথ্য-প্ৰমাণ আছে আদালতলৈ যাওক। লগতে তেওঁ কয় যে, ১ লাখ টকা দৰমহা পোৱা সকলোৱে হাউছিঙৰ ফ্লেট এৰিব লাগে।
আনহাতে, মাজুলীৰ উপ-নিৰ্বাচন সম্পৰ্কত মন্তব্য কৰি হাজৰিকাই কয় যে, মাজুলীত ৫০ৰ পৰা ৬০ হাজাৰ ভোটত হাৰিব কংগ্ৰেছ। “মাজুলীৰ পৰা ওলাই আহি ভুবন গাম প্ৰতিষ্ঠিত ব্যৱসায়ী হৈছে, অসমীয়া খাদ্যক প্ৰতিষ্ঠা কৰিছে। ভুৱন গামৰ ৰেষ্টুৰেণ্টত খোৱাৰ সময়ত ভাল, এতিয়া কংগ্ৰেছৰ কাৰণে বেয়া হৈ গ’ল! যোৱাবাৰ দেখোন দিচাং ৰিজ’ৰ্টত কংগ্ৰেছে মন্ত্ৰীসভা পাতিলে, ক’ভিড কেনেকৈ নিয়ন্ত্ৰণ কৰিব আলোচনা কৰিছিল; ফলাফল কি হ’ল?” এই বুলি কংগ্ৰেছক সমালোচনা কৰে মন্ত্ৰীজনে।
তেওঁ কয় যে, “মই কংগ্ৰেছৰ পৰা ওলাই আহি অসমীয়াৰ হৈ কাম কৰিব পাৰিছোঁ, চোৰ-ডকাইতৰ সপক্ষে আন্দোলন কৰা কংগ্ৰেছ ত্যাগ কৰাটো মোৰ আটাইতকৈ ভাল সিদ্ধান্ত।”