দেশত চলিছে এতিয়া নিৰ্বাচনী বতাহ৷ ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ মাজতে দেশৰ পাঁচখন ৰাজ্য- উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, গোৱা আৰু মণিপুৰত ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চৰ ভিতৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ আনহাতে, নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় প্ৰেছ কাউন্সিলে প্ৰিণ্ট মিডিয়াক সাংবাদিকতাৰ আচৰণৰ নিয়ম অনুসৰণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে পেইড বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। ইয়াক উলংঘন কৰিলে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ অৱজ্ঞা কৰা হ’ব আৰু তাৰ বিৰুদ্ধে সংবাদ সংস্থাসমূহ আদালতৰ দ্বাৰাস্থও হ’ব পাৰে।
“প্ৰিণ্ট মিডিয়া আৰপি আইন, ১৯৫১ৰ ধাৰা ১২৬ৰ প্ৰতি লক্ষ্য ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে নিৰ্বাচন আৰম্ভ হোৱাৰ নিৰ্ধাৰিত সময়ৰ অৰ্থাৎ ৪৮ঘণ্টাৰ আগতে বাতৰি কাকতত যিকোনো নিৰ্বাচনী সম্বন্ধীয় বাতৰি প্ৰকাশ কৰাটো নিষিদ্ধ কৰে৷ আৰ.পি. আইনৰ অধীনত নিৰ্বাচনী বিষয়” পেইড বাতৰি, নিৰ্বাচনৰ ফলাফল প্ৰভাৱিত বা প্ৰভাৱিত কৰাৰ উদ্দেশ্যে বা গণনা কৰা যিকোনো বিষয় প্ৰচাৰ কৰিলে দুবছৰলৈকে কাৰাদণ্ড, বা জৰিমনা বা দুয়োটা হ’ব পাৰে।
‘ভাৰতৰ নিৰ্বাচনী ব্যৱস্থা আমাৰ গণতন্ত্ৰৰ মেৰুদণ্ড আৰু শুদ্ধ তথ্য ৰাইজৰ ওচৰলৈ অনাৰ দায়িত্ব সংবাদ মাধ্যমৰ, গতিকে সংবাদ সংস্থাই সুস্থ বাতাবৰণ সৃষ্টি কৰাটোহে কাম্য বুলি ভাৰতীয় প্ৰেছ কাউন্সিলে কয়।