ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী হৈ স্বাস্থ্য বিভাগৰ চালিকা শক্তি স্বৰূপ আশা কৰ্মী সকলৰ প্ৰতি দায়িত্বহীন আৰু বেপৰোৱা মন্তব্য কৰি গণ ৰোষৰ সন্মুখীন হ’ব লগা হৈছে অজন্তা নেওগ। বতৰৰ প্ৰতিকূলতা, বিধ্বস্ত যাতায়ত আৰু দিবা নৈশ একাকাৰ কৰি স্বাস্থ্য বিভাগটোক উজ্জীৱিত কৰি তোলাৰ লগতে প্ৰসুতী মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাত অভূতপূৰ্ব অৱদান আগবঢ়াই অহা আশা কৰ্মী সকলৰ পৰিবৰ্তে অংগনৱাদী কৰ্মী সকলৰ বাবেহে এনে সফলতা অৰ্জন কৰা বুলি মন্ত্ৰী নেওগে কৰা কাণ্ডজ্ঞানহীন মন্তব্যত সোচ্চাৰ হৈ উঠিছে খাটি খোৱা নিষ্ঠাবান আশা কৰ্মী সকল।
ৰাজ্যখনৰ বিত্ত বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীত্ব লাভ কৰা নেওগে যোৱা ১৮ মাৰ্চত সদনত কৰা এই বিতৰ্কিত মন্তব্যত ক্ষুন্ন ঢকুৱাখনাৰ আশা কৰ্মীসকলে বৃহস্পতিবাৰে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে। লাখিমপুৰ জিলা আশা কৰ্মী সন্থাৰ ঢকুৱাখনা ব্লক সমিতিৰ সভানেত্রী দিপা দত্ত আৰু সম্পাদিকা হেম প্ৰভা কোচৰ নেতৃত্বত বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ৩০ গৰাকী আশা কৰ্মীয়ে ঢকুৱাখনা খণ্ড প্ৰাথমিক স্বাস্থ্য ও চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ মন্ত্ৰী অজন্তা নেওগ মূর্দাবাদ, বিত্তমন্ত্ৰী অজন্তা নেওগ গ’বেক,মন্ত্ৰী অজন্তা নেওগ হুচিয়াৰ,বেপৰোৱা অজন্তা নেওগক মন্ত্ৰী সভাৰ পৰা বহিস্কাৰ কৰক আদি শ্লোগান দি কাৰ্যালয়ৰ সন্মুখৰ ৰাজপথ উত্তাল কৰি তোলে।
আশা কৰ্মীসকলৰ কষ্ট আৰু ত্যাগৰ মূল্য দিব নজনা মন্ত্ৰী নেওগক অকমন্য মন্ত্ৰী আখ্যা দি মন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি সবল প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুণ্ণ আশা কৰ্মী সকলে। ঢকুৱাখনা খণ্ডৰ আশা কৰ্মীসকলৰ নেত্ৰী দিপা দত্তই আশা কৰ্মীসকলে বিগত অতিমাৰী ক’ৰোনাৰ সময়তো জীৱনকো তুচ্ছ জ্ঞান কৰি অব্যাহত ৰখা নিৰন্তৰ সেৱাৰ বাবে ৰাজ্যখনৰ স্বাস্থ্য বিভাগতো সফল হোৱাৰ লগতে প্ৰসুতী মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ নিম্নগামী হোৱা বুলি দাবী কৰি আশা কৰ্মী সকলৰ এনে ত্যাগ আৰু কষ্টক সন্মান নকৰি কেৱল অংগনৱাদী কৰ্মীসকলক ইয়াৰ কৃতিত্ব জাপি দিয়াটো আশা কৰ্মীসকলৰ প্ৰতি চৰম অমানৱীয়তা আৰু অসৌজন্যতা প্রদর্শন কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।