ৰাজ্যৰ বিষয়া, কৰ্মচাৰীসকললৈ মুখ্য সচিব জিষ্ণু বৰুৱাৰ বিশেষ নিৰ্দেশনা। এই নিৰ্দেশনাৰ জৰিয়তে এক প্ৰকাৰে বিষয়া, কৰ্মচাৰীক সকীয়নি দিছে মুখ্য সচিবে। সাজপাৰ পৰিধানক লৈ এই বিশেষ নিৰ্দেশনা।
উল্লেখ্য যে, অমিত শ্বাহৰ অসম ভ্রমণৰ সময়তে এই নিৰ্দেশনা মুখ্য সচিবৰ। ৰাজ্যিক বা ভি ভি আই পিৰ অনুষ্ঠানত বিষয়া, কৰ্মচাৰীক মাৰ্জিত পোছাক পৰিধান কৰাৰ নিৰ্দেশনা দিয়া হৈছে। কোনো বিষয়া, কৰ্মচাৰীয়ে জিন্স, টি-ছাৰ্ট পৰিধান কৰি দায়িত্ব পালন কৰিব নোৱাৰিব। অনুষ্ঠানৰ লগত খাপ খোৱা সাজ-পোছাক পিন্ধিব লাগিব সকলোৱে। এই নিৰ্দেশ অমান্য কৰিলেই শাস্তিৰ সন্মুখীন হ’ব লাগিব চৰকাৰী কৰ্মচাৰী। অৱশ্যে ইউনিফৰ্ম থকা কৰ্মচাৰীসকলক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে।