• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

নিউজ ডেস্ক by নিউজ ডেস্ক
June 10, 2023
in ৰাজনীতি, উত্তৰ পূৰ্বাঞ্চল, সংবাদ
1 min read
0
গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
Share on FacebookShare on Twitter

ডিডি নিউজৰ উদ্যোগত আজি গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক “ডিডি ডাইলগ” শীৰ্ষক এখনি সন্মিলন অনুষ্ঠিত হয়।এই সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী, আমোলা, টেকন’ক্ৰেট, স্বাস্থ্য আৰু শিক্ষা বিশেষজ্ঞ, উদ্যোগ আৰু নিয়ামক সংস্থাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশীদাৰ সকলৰ পেনেল আলোচনা অনুষ্ঠিত কৰা হয় আৰুসাক্ষাৎকাৰ গ্ৰহণ কৰা হয়।ইয়াত কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী পদক্ষেপ ৰাজি, বিগত দশকত উত্তৰ-পূবে লাভ কৰা অগ্ৰগতিৰ লগতে বহুগুণ বৃদ্ধিৰ বাবে সন্মুখৰ পথ সন্দৰ্ভত আলোচনাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

অসমৰ মাননীয় ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই ভিডিঅ’ বাৰ্তাৰ জৰিয়তে এই সন্মিলন উদ্বোধন কৰে।ইয়াত তেওঁ কয় যে ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট বিষয়বস্তুৱে অঞ্চলটোৰ আকাংক্ষা আৰু সম্ভাৱনা ৰাজিৰ গভীৰ অনুৰণন ঘটাইছে। চহকী সাংস্কৃতিক বৈচিত্ৰ্য আৰু মোহনীয়া প্ৰাকৃতিক সৌন্দৰ্য্যৰে উত্তৰ-পূব ভাৰত সদায় সকলোৰে বাবে প্ৰেৰণা আৰু গৌৰৱৰ উৎস হৈ আহিছে।তেওঁ ডিডি নিউজকো এনে পদক্ষেপ গ্ৰহণ তথা জনসেৱা সম্প্ৰচাৰক হিচাপে অঞ্চলটোলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে শলাগ লয়।
এই উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। ইয়াত ছিকিমৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী বেদুসিং পন্থ, প্ৰসাৰ ভাৰতীৰ চিইঅ’ গৌৰৱ দ্বিবেদী আৰু ডিডি নিউজৰ ডিজি প্ৰিয়া কুমাৰ উপস্থিত থাকে। উদ্বোধনী অধিৱেশনত মন্ত্ৰীজনৰ সৈতে “যোগ আৰু পৰ্যটনঃ উত্তৰ-পূবৰ মাজেৰে ক্ৰুজিং” বিষয়ত বিশদভাৱে আলোচনা কৰা হয়। এই আলোচনাত অংশ গ্ৰহণেৰে সোণোৱালে কয় যে বৰ্তমানৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ আৰু প্ৰগতিৰ বাবে অক্লান্ত ভাৱে কাম কৰি আছে। উত্তৰ-পূবৰ সংস্কৃতি, হস্তশিল্পক বিশ্বজুৰি প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ লগতে কয়।

উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ সম্ভাৱনাৰাজি সম্পৰ্কে ব্যক্ত কৰি সোণোৱালে কয় যে বিগত ৯ বছৰে চৰকাৰে পথ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে কাম কৰি আহিছে।ইয়াৰ ফলশ্ৰুতিত এতিয়া পৰ্যটকসকলে অঞ্চলটো ভ্ৰমণ আৰু ইয়াৰ প্ৰশান্তি অনুভৱ কৰাটো সহজ হৈ পৰিছে।তেওঁ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগাবিলাসৰ উদাহৰণ দাঙি ধৰে। এই ক্ৰুজে শেহতীয়াকৈ উত্তৰ-পূবৰ ভিন্ন পৰ্যটন স্থানৰ মাজেৰে যাত্ৰাৰে অঞ্চলটোৰ ক্ৰুজিং সুবিধাক প্ৰোৎসাহিত কৰিছিল আৰু একে সময়তে অঞ্চলটোক আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত প্ৰোথিত কৰিছিল। তেওঁ লগতে জনাই যে আগন্তুক দুবছৰৰ বাবে ইতিমধ্যে এমভি গংগাবিলাসৰ বুকিং সম্পন্ন হৈছে।
সোণোৱালে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা যুগান্তকাৰী সিদ্ধান্তৰাজি সন্দৰ্ভতো কয় য়ে এই সিদ্ধান্তৰাজিয়ে সুশাসন আৰু নাগৰিকসকলৰ ইজ অ ৱলিভিং প্ৰশস্ত কৰিছে।আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাউন্টডাউন সম্পৰ্কে ব্যক্ত কৰি মন্ত্ৰীজনে কয় যে ভাৰত চৰকাৰে বিশ্বক একত্ৰিতকৰণৰ বাবে কাম কৰি আছে।
এই সন্মিলনত অংশগ্ৰহণেৰে কেন্দ্ৰীয় আৰ্থ চায়েন্স দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে ‘এক্ট ইষ্ট থ্ৰ’ নৰ্থ ইষ্ট’ বিষয়ত নিজৰ চিন্তাধাৰা ব্যক্ত কৰে। তেওঁ কয় যে ২০১৪ৰ পাছৰে পৰা চৰকাৰে উত্তৰ-পূবক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে আৰু ইয়াৰ ফলাফল অঞ্চলটোৰ বিকাশ আৰুউন্নয়নৰ জৰিয়তে দৃশ্যমান হৈছে।মন্ত্ৰীজনে দৃঢ়তাৰে কয় যে উত্তৰ-পূৰ্বাঞ্চলত শান্তি অক্ষুণ্ণ ৰাখিবলৈ বৰ্তমানৰ চৰকাৰে শান্তি আলোচনাৰ মাধ্যমেৰে অঞ্চলটোৰ ভিন্ন শ্ৰেণীৰ সমস্যা ৰাজি সন্দৰ্ভত সক্ৰিয় ভাৱে বুজ লৈ আছে।ইয়াৰ ফলশ্ৰুতিত একাধিক বিদ্ৰোহী সংগঠনে আত্মসমৰ্পণেৰে শান্তিৰ পথ গ্ৰহণ কৰিছে।
এই কাৰ্য্যসূচীত ৰিজিজুৱে কয় যে চৰকাৰখন উত্তৰ-পূবৰ বিকাশ আৰু উন্নয়নৰ বাবে অংগীকাৰবদ্ধ আৰু বিগত ৯ বছৰে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলশ্ৰুতিত উত্তৰ-পূব এক স্পন্দনশীল অৰ্থনীতি কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব। তেওঁ আৰু কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ কাৰ্য্যকালত ইতিমধ্যে প্ৰায় ৫২ বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিছে আৰু প্ৰতি ১৫ দিনৰ মূৰে-মূৰে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ উত্তৰ-পূব ভ্ৰমণে চৰকাৰৰ এই অংগীকাৰকে প্ৰতিফলিত কৰিছে।
ইয়াৰ পিছত ছিকিমৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী বেদুসিং পন্থ আৰু অসম পৰ্যটনৰ এমডি আৰু অসমৰ পৰ্যটন সচিব পদ্মপানি বৰাৰ সৈতে এক পেনেল আলোচনা অনুষ্ঠিত হয়। ইয়াত ছিকিম আৰুঅসমৰ পৰ্যটন পথসমূহৰ সম্পৰ্কে আলোচনা কৰে তেওঁলোকে। প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আছুতীয়াকৈ মত-বিনিময়ৰ লগতে ভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে ভিন্ন বিষয়ত পেনেল আলোচনা অনুষ্ঠিতকৰণৰ লক্ষ্যৰে এই দিনজোৰা ডিডি ডায়লগ অনুষ্ঠিত কৰা হয়।

 

Previous Post

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

৯ বছৰত ৩৩২% বিক্ৰী বৃদ্ধিৰ বাবে KVICৰ এক গুৰুত্বপূৰ্ণ উত্থান

৯ বছৰত ৩৩২% বিক্ৰী বৃদ্ধিৰ বাবে KVICৰ এক গুৰুত্বপূৰ্ণ উত্থান

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8