• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জনপ্ৰিয়তাৰ তৃতীয় স্থানত ড০ হিমন্ত বিশ্ব শর্মা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 10, 2022
in ৰাজনীতি, অসম, ৰাষ্ট্ৰীয়, সংবাদ
0
জনপ্ৰিয়তাৰ তৃতীয় স্থানত ড০ হিমন্ত বিশ্ব শর্মা
Share on FacebookShare on Twitter

অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেশৰ অতি জনপ্রিয় মুখ্যমন্ত্রীৰ তালিকাত স্থান নিশ্চিত কৰিছে৷ আনকি অসমত মুখ্যমন্ত্রী ড০ শর্মাৰ জনপ্রিয়তা প্রধানমন্ত্রী নৰেন্দ্র মোদীতকৈ অধিক৷ শেহতীয়াকৈ প্রকাশ পোৱা এক জৰীপত অসমৰ মুখ্যমন্ত্রীজনৰ এই জনপ্রিয়তা প্রকাশ পাইছে৷ অর্মেক্স মিডিয়া নামৰ এক সংস্থাই সময়ে সময়ে কৰি থকা জৰীপত দেশৰ অতি জনপ্রিয় মুখ্যমন্ত্রীৰ তালিকাৰ পৰা বিশ্বৰ জনপ্রিয় প্রধানমন্ত্রীসকলৰ তালিকা প্রকাশ কৰি থাকে৷
শেহতীয়াকৈ প্রকাশ পোৱা জৰীপত দেশৰ তৃতীয় জনপ্রিয় মুখ্যমন্ত্রী হিচাপে স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্রীজনে৷ মাত্র এটা মাহতে মুখ্যমন্ত্রী ড০ শর্মাই জনপ্রিয়তাৰ দৌৰত এটা স্থান উন্নীত হৈছে৷ উল্লেখযোগ্য যে শেহতীয়াকৈ প্রকাশ পোৱা জৰীপ অনুসৰি যোৱা ডিচেম্বৰ মাহত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দেশৰ তৃতীয় অত্যন্ত জনপ্রিয় মুখ্যমন্ত্রী হিচাপে পৰিগণিত হৈছে৷ দেশৰ সবাতোকৈ জনপ্রিয় মুখ্যমন্ত্রীৰ স্থান লাভ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে৷
তেওঁৰ ৰেটিং আছিল ৬৭৷ দ্বিতীয় স্থানত থকা উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথৰ ৰেটিং হ’ল ৬৬ তৃতীয় স্থানত থকা অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৰেটিং হ’ল ৬৫ আনহাতে ৬৪ ৰেটিঙেৰে চতুর্থ স্থানত পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী আৰু ৫৮ ৰেটিঙেৰে কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নে পঞ্চম জনপ্রিয় মুখ্যমন্ত্রীৰ স্থান লাভ কৰিছে৷
প্রণিধানযোগ্য যে অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই মাত্র এটা মাহ পূর্বে অর্থাৎ নৱেম্বৰ মাহত চতুর্থ স্থানত আছিল৷ নৱেম্বৰ মাহত তেওঁ তামিলনাডুৰ মুখ্যমন্ত্রী এম কে বিজয়ন (ৰেটিং ৬৭), ওড়িষাৰ মুখ্যমন্ত্রী নবীন পাটনায়ক (ৰেটিং ৬৩) আৰু কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নৰ (ৰেটিং ৬২) পাছতে দেশৰ সবাতোকৈ জনপ্রিয় মুখ্যমন্ত্রী হিচাপে চতুর্থ স্থান (ৰেটিং ৬০) লাভ কৰিছিল৷

Previous Post

ভয়াৱহ ভাৱে বৃদ্ধি পাইছে অ’মিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা

Next Post

ফুটপাথ গ্ৰন্থমেলাৰ কথাৰে…..

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ফুটপাথ গ্ৰন্থমেলাৰ কথাৰে…..

ফুটপাথ গ্ৰন্থমেলাৰ কথাৰে.....

আকাশত উদয় হ’ল সূৰ্যতকৈ প্ৰায় ৫গুণ বেছি তাপমাত্ৰাৰ কৃত্ৰিম সূৰ্য!

আকাশত উদয় হ’ল সূৰ্যতকৈ প্ৰায় ৫গুণ বেছি তাপমাত্ৰাৰ কৃত্ৰিম সূৰ্য!

SP সন্মিলনত ক’ৰোনা সংক্ৰমণ! অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়া আক্ৰান্ত

SP সন্মিলনত ক'ৰোনা সংক্ৰমণ! অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়া আক্ৰান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8