অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটীৰ বশিষ্ঠস্থিত পূৱ কামৰূপ,বন সংমণ্ডল বিষয়া (ডি এফ অ’)ৰ কাৰ্যালয়ে সদ্যসমাপ্ত ২০২২-২৩ বিত্তীয় বৰ্ষত বিভাগীয়ভাবে ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ১০০,২৩, ৮৬, ৮৯০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূর্বে বিগত ২০২১-২২ বৰ্ষত পূব কামৰূপ বন সংমণ্ডলত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল ২৬.৬৭ কৌটি টকা। অৰ্থাৎ বিগত বৰ্ষতকৈ প্ৰায় চাৰিগুণ টকা অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে। এই বৃদ্ধিৰ পৰিমাণ হল ১২৮ শতাংশ। আনহাতে ২০২২ – ২৩ বিত্তীয় বৰ্ষত অসমৰ ৩২ টা প্ৰাদেশিক বন সংমণ্ডলত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৪২৭,২৮,৭৬,১২২ টকা। অৰ্থাৎ সমগ্ৰ অসমৰ বন বিভাগৰ ৰাজহৰ প্ৰায় চাৰিভাগৰ এক শতাংশই পূব কামৰূপ বন সংমণ্ডল কাৰ্যাল়য়ে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
আনহাতে পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী তথা দি এফ অ ৰোহিনী শইকীয়াই জানিবলৈ দিয়া মতে সংমণ্ডলৰ অধীনৰ গুৱাহাটী, দক্ষিণ গুৱাহাটী, ৰাণী, সোণাপুৰ আৰু পলাশবাৰী এই পাচোটা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়, খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মৰত আঞ্চলিক বন বিষয়া, বনপালক, বনৰক্ষী, মাষ্টাৰৰোল বনকৰ্মী সকলোৱে সেৱাৰ মনোভাৱেৰে কাম কৰা আৰু ৰাজহ ফাঁকিৰ সুৰুঙাবোৰ ৰোধ কৰিবলৈ সক্ষম হোৱাৰ বাবে পূৰ্বতকৈ ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পাইছে। সমান্তৰাল ভাৱে মাষ্টাৰৰোল বনকৰ্মীৰ পৰা আৰম্ভ কৰি সহকাৰী বন সংৰক্ষকলৈকে সকলোৱে অবৈধ বনজ সম্পদ যাতে সৰবৰাহ হ’ব নোৱাৰে আৰু দুষ্কৃতিকাৰীয়ে যাতে গছ- গছনি কাটি অৰণ্য ধ্বংস কৰিব নোৱাৰে তাৰ প্ৰতিও সতর্ক দৃষ্টি ৰাখিছে। আনকি ২০২২-২৩ বৰ্ষত পূব কামৰূপ বন সংমণ্ডলত বন আইনৰ অধীনত বহু কেইটা গোচৰ ৰুজু কৰি তাৰ বিপৰীতেও বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰা হৈছে। তেনেদৰে লোকনিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰেল বিভাগকে ধৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগে নিৰ্মাণ কাৰ্যত ব্যৱহৃত শিল, বালি, মাটিকে ধৰি বনজ সম্পদৰ বিপৰীতে ট্ৰেজাৰী যোগেও এক বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰা হৈছে । ইফালে ৰাজহ সংগ্ৰহৰ সমান্তৰালভাৱে ৰাইজৰ মাজত পৰিৱেশ, প্রকৃতি সংৰক্ষণৰ বাবে গছপুলি ৰোপণ অভিযান আৰম্ভ কৰা হৈছে বুলি ডি এফ অ’ ৰোহিনী শইকীয়াই জানিবলৈ দিছে।