ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণক গ্ৰেপ্তাৰ কৰাৰ পিচত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো EDয়ে গ্ৰেপ্তাৰ কৰাৰ আশংকাই দেখা দিছে। সুৰা কেলেংকাৰীৰ অভিযোগত মুখ্যমন্ত্ৰী কেজৰিৱাললৈ EDয়ে পঞ্চমবাৰৰ বাবে জাননী প্ৰেৰণ কৰিছে।
উল্লেখযোগ্য যে ইতিপূৰ্বে EDয়ে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীলৈ ৪বাৰ চমন জাৰি কৰিছিল। কিন্তু সেই চমন বেআইনী, অবৈধ বুলি দাবী কৰি কেজৰিৱালে EDৰ নিৰ্দেশক অগ্ৰাহ্য কৰে। উল্লেখ্য যে যোৱা ২ নৱেম্বৰ, ২১ ডিচেম্বৰ, ৩ জানুৱাৰী আৰু ১৭ জানুৱাৰীত কেজৰিৱাললৈ চমন দিছিল।
কিন্তু ৩১ জানুৱাৰী বুধবাৰে পঞ্চমবাৰৰ বাবে EDয়ে মুখ্যমন্ত্ৰীগৰাকীলৈ পুনৰ চমন জাৰি কৰে। অহা ২ ফেব্ৰুৱাৰীত কেজৰিৱালক দিল্লীৰ ই ডি কাৰ্যালয়ত হাজিৰ হ’বলৈ সংস্থাটোৱে নিৰ্দেশ দিছে।