দিল্লীৰ ১০ টাতকৈও অধিক স্থানত একেলগে প্ৰৱৰ্তন সঞ্চালকালয়ে চলাইছে অভিযান। মঙ্গলবাৰে ৰাজধানী দিল্লীত পুৱাৰে পৰা EDয়ে আম আদমি পাৰ্টিৰ কেইবাজনো জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিবৰ বাসগৃহত চলাইছে অভিযান।
উল্লেখ্য যে দিল্লীৰ জল ব’ৰ্ডৰ দুৰ্নীতিৰ সন্দৰ্ভত বিত্তীয় লেনদেনৰ এক গোচৰত এইদৰে অভিযান চলাইছে। মুখ্যমন্ত্ৰী কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰ, জল ব’ৰ্ডৰ পূৰ্বৰ সদস্য শলভ কুমাৰ, আপৰ সাংসদ এন ডি গুপ্তা আদি নেতাৰ বাসগৃহত চলিছে ইডিৰ অভিযান। দিল্লীৰ জল ব’ৰ্ডৰ সৈতে জড়িত এই দুৰ্নীতি আৰু ধনৰ লেনদেনৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা জগদীশ আৰোৰা, ঠিকাদাৰ অনিল আগৰৱালক অতিৰিক্ত ৫ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। এই গোচৰৰ শুনানি দিল্লীৰ ৰাউজ এভিনিউ আদালতত হৈছিল।
জগদীশ আৰোৰা আৰু অনিল আগৰৱালক দিল্লী জল ব’ৰ্ডৰ বিদ্যুৎ চুম্বকীয় প্ৰবাহ মিটাৰ যোগান সম্পৰ্কীয় দুৰ্নীতি আৰু ধনৰ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰথমে তেওঁলোকক আদালতে ৫ দিনৰ বাবে ইডিৰ জিম্মাত দিয়াৰ পাছত পুনৰ অতিৰিক্ত ৫ দিনৰ বাবে ইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছে।
বিগত বছৰৰ ১৮ নৱেম্বৰত বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষি লেখি আৰু ৰাজ্যিক সভাপতি বীৰেন্দ্ৰ সচদেৱে এক সংবাদ মেলৰ জৰিয়তে দিল্লী জল ব’ৰ্ডত ৩,২৩৭ কোটি টকাৰ কেলেংকাৰীৰ দাবী কৰিছিল। এই সংবাদ মেলত দিল্লী জল ব’ৰ্ডৰ বেংক একাউণ্টৰ তথ্য, বিত্তীয় প্ৰতিবেদনৰ কথা উল্লেখ কৰি কৈছিল ২০১৮-১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২২-২৩ বিত্তীয় বৰ্ষৰ ভিতৰত ব’ৰ্ডৰ বিত্তীয় ব্যয় সম্পৰ্কে বহু তথ্য লুকুৱাই ৰখা হৈছে। ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ব’ৰ্ডৰ একাউণ্টৰ বিৱৰণ সঠিকভাৱে ঘোষণা কৰা হোৱা নাই।
এইদৰেই দিল্লী জল ব’ৰ্ডৰ কেলেংকাৰীৰ তথ্য বিজেপিয়ে প্ৰকাশ কৰাৰ পাছতে EDয়ে সমগ্ৰ কেলেংকাৰীৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে আৰু ইতিমধ্যে দুজন গ্ৰেপ্তাৰ কৰিছে। ইফালে আম আদমি পাৰ্টীয়ে এই সমগ্ৰ অভিযোগ নস্যাত কৰিছে আৰু এয়া ৰাজনৈতিক আক্ৰোশ বুলিহে মন্তব্য কৰিছে।