দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক EDয়ে পুনৰবাৰ প্ৰেৰণ কৰিছে চমন। ৮ বাৰকৈ চমন নাকচ কৰাৰ পাছত নৱমবাৰলৈ চমন জাৰি কৰি ২১ মাৰ্চত ED কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। কিন্তু এইবাৰ EDয়ে জাৰি কৰিছে অন্য় এখন চমন।
দিল্লী জলবোৰ্ডৰ নতুন গোচৰৰ সহিতে দুটা গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীলৈ দুখন চমন প্ৰেৰণ কৰিছে ইডিয়ে। কেজৰিৱালক সোমবাৰে দিল্লী জল বোৰ্ড গোচৰত আৰু বৃহস্পতিবাৰে সুৰা নীতিৰ গোচৰত ED কাৰ্যালয়ত হাজিৰ নিৰ্দেশ জাৰি কৰিছে। শনিবাৰে দিল্লীৰ এখন আদালতে EDৰ চমনত সোধা-পোছাৰ বাবে হাজিৰ নোহোৱাৰ গোচৰত অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰিছিল।
আপে অভিযোগ কৰি কয় যে, ‘কেন্দ্ৰ চৰকাৰ আৰু EDয়ে এয়া পৰিকল্পনা কৰিছে। কেজৰিৱালক আদালতে জামিন প্ৰদান কৰিছিল। এতিয়া আদালতত আইনী যুঁজ হ’ব যে EDয়ে প্ৰেৰণ কৰা চমন বৈধ হয় নে নহয়। কেন্দ্ৰীয় চৰকাৰে ভাবিছে যে পূৰ্বৰ গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব, সেইবাবে এইবাৰ নতুন গোচৰত চমন জাৰি কৰিছে’।