অতি শীঘ্ৰেই ৰাহুল গান্ধীৰ ঘৰত চলিব EDৰ অভিযান! বিৰোধী দলপতিগৰাকীয়ে সংসদত দিয়া ভাষণৰ বাবেই তেওঁৰ বাসগৃহত চলিব EDৰ অভিযান। ৰাহুল গান্ধীয়ে দাবী কৰিছে যে তেওঁ ২৯ জুলাইত সংসদত দিয়া চক্ৰবেহু ভাষণৰ EDয়ে তেওঁৰ বিৰুদ্ধে অভিযান চলাবলৈ পৰিকল্পনা প্ৰস্তুত কৰিছে। কংগ্ৰেছ সাংসদগৰাকীয়ে কৈছে EDৰ ভিতৰৰ মানুহে তেওঁক এই বিষয়ে খবৰ দিছে। এক্সৰ জৰিয়তে ৰাহুল গান্ধীয়ে কৈছে- আপাতদৃষ্টিত, দুই এজনে মোৰ চক্ৰবেহু ভাষণ ভাল নাপালে। EDৰ ভিতৰৰসকলে মোক কৈছে এটা অভিযানৰ পৰিকল্পনা কৰা হৈছে। তেওঁ EDক মেনচন কৰিয়েই লিখিছে- খোলা বাহুৰে অপেক্ষা কৰি আছোঁ।
উল্লেখ্য যে, সংসদৰ বাজেট অধিবেশনৰ বিতৰ্কত প্ৰায় ৪৫ মিনিটৰ এটা ভাষণত ৰাহুল গান্ধীয়ে কুৰুক্ষেত্ৰৰ মহাভাৰতৰ কিদৰে চক্ৰবেহুত অভিমন্যুক হত্যা কৰা হৈছিল সেই বিষয়ে উদাহৰণ দি বৰ্তমানো চক্ৰবেহু ৰচনা কৰা বুলি উল্লেখ কৰিছিল। ৰাহুল গান্ধীয়ে নিজৰ ভাষণত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কৈছিল মোডীৰ কাৰ্যাকালত মন্ত্ৰীৰ পৰা আৰম্ভ কৰি কৃষক, ভোটাৰ নিবনুৱা সকলোৱেই ভীতিগ্ৰস্ত হৈ আছে। হাজাৰ বছৰ পূৰ্বে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অভিমন্যু নামৰ এজন যুৱকক চক্ৰবেহুত বন্দী কৰি ৬ জনে মিলি হত্যা কৰিছিল। মই সেই চক্ৰবেহুক লৈ কিছু অধ্যয়ন কৰিছোঁ। জানিবলৈ পাৰিছোঁ এই চক্ৰবেহুৰ আন এটা নাম পদ্মবেহু। পদমু ফুলৰ দৰেই আঁকাৰ হোৱাৰ বাবেই ইয়াক পদ্মবেহু বুলি কোৱা হয়।
উল্লেখ্য যে সংসদত ৰাহুলে গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ পাছতেই বিজেপি নেতাসকলেও তেওঁক প্ৰতি আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এই ভাষণৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই ৰাহুল গান্ধীয়ে এইদৰে তেওঁৰ বিৰুদ্ধে ইডিৰ অভিযান চলাৰ সম্ভাৱনা ব্যক্ত কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।