দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ EDয়ে দিল্লী সুৰা নীতি কেলেংকাৰী সংক্ৰান্তত পুনৰ চমন জাৰি কৰিছে। পূৰ্বে জাৰি কৰা ৫খন চমনকে ধৰি এইখন ষষ্ঠ সংখ্যক চমন। ষষ্ঠ চমন অনুসৰি ১৯ ফেব্ৰুৱাৰীত EDৰ ওচৰত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰীগৰাকী।
উল্লেখ্য যে, পূৰ্বে ২ ফেব্ৰুৱাৰী, ১৮ জানুৱাৰী, ৩জানুৱাৰী তথা ২০২৩ বৰ্ষৰ ২১ ডিচেম্বৰ আৰু ২ নৱেম্বৰত কেজৰিৱাললৈ EDয়ে চমন জাৰি কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে এই চমন সন্দৰ্ভত অবৈধ বুলি অভিহিত কৰি EDৰ চমন প্ৰত্যাখ্যান কৰি আহিছে।