অৱশেষত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট শেষ হোৱাৰ সম্ভাৱনা। ইতিমধ্যে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ আহ্বান ৰাজ্যপালৰ। বৃহস্পতিবাৰে আহ্বান কৰা হৈছে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন। ৰাজ্যখনৰ বৰ্তমানৰ শিৱ সেনা আৰু মিত্ৰদলৰ চৰকাৰৰ ভৱিষ্যত বৃহস্পতিবাৰে স্পষ্ট হোৱাৰ সম্ভাৱনা। মঙ্গলবাৰে বিজেপি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে সাক্ষাত কৰিছিল ৰাজ্যখনৰ ৰাজ্যপালক। ইয়াৰ পিছতে ৰাজ্যপালে উদ্ধৱ ঠাকৰেক আস্থা ভোটৰ দ্বাৰা সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে আহ্বান জনাইছে।
আনহাতে গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত বাহৰ পাতি থকা বিসম্বাদী বিধায়ক একনাথ সিন্দে আৰু তেওঁক সমৰ্থন কৰা বিধায়কসকলে আজি এৰিব গুৱাহাটী। পুৱাই বিধায়কসকল উপস্থিত হৈছেগৈ কামাখ্যা মন্দিৰত। ইয়াৰ পিছতে দুটা গোটত বিভক্ত হৈ বিধায়কসকল গুৱাহাটী চিধাই যাব গোৱালৈ। গোৱাৰ তাজ হোটেলত ইতিমধ্যে বুক কৰা হৈছে ৭১ টা কোঠা।
জানিব পৰা মতে আজি বিয়লি ৩ বজাত হোটেল ৰেডিশ্যন ব্লু এৰিব বিসম্বাদী বিধায়কসকলে। চাৰ্টাৰ্ড বিমান যোগে বিধায়কসকল গুৱাহাটীৰ পৰা গোৱালৈ যাব।